ভাৰতবাসীৰ বাবে এক সুখবৰ ৷ অহা ২৩জানুৱাৰী তাৰিখে ভাৰতীয় নৌসেনাই লাভ কৰিব পঞ্চমখন ডিজেল বৈদ্যুতিক স্ক’ৰপিন চাবমেৰিন ‘আই এন এছ ৱাগিৰে’৷ জানিবপৰা মতে চলিত বৰ্ষৰ শেষলৈকে ভাৰতীয় নৌসেনাই ষষ্ঠ আৰু শেষৰখন চাবমেৰিনো লাভ কৰিব। যাৰ ফলত আৰু অধিক বৃদ্ধি পাব ভাৰতীয় নৌসেনাৰ শক্তি । ভাৰতীয় নৌসেনাই ২০২৩ চনৰ ২৩ জানুৱাৰীৰ পৰা পঞ্চম কালভাৰী শ্ৰেণীৰ চাবমেৰিন আই এন এছ ভাগীৰ উদ্বোধন কৰিব। আই,এন.এছ.ৱাগীৰ হৈছে ভাৰতৰ পঞ্চমখন ডিজেল বৈদ্যুতিক স্ক’ৰপিন চাবমেৰিন।
বৃহস্পতিবাৰে বিষয়াসকলে জনোৱা মতে, ফ্ৰান্সৰ মেছাৰ্ছ নেভাল গ্ৰুপৰ সহযোগত মাজাগন ডক শ্বিপবিল্ডাৰ্ছ লিমিটেড (এমডিএল) মুম্বাইৰ উদ্যোগত ভাৰতত এই চাবমেৰিন নিৰ্মাণ কৰা হৈছে। ২০ ডিচেম্বৰ ২০২২ তাৰিখে মেচাৰ্ছ এমডিএলে ভাৰতীয় নৌসেনাক গতাই দিছিল এই ছাবমেৰিনখন।
বিষয়াসকলে জনোৱা মতে, শেষৰখন ৱাগিৰ ছাবমেৰিনে প্ৰায় তিনিটা দশক ভাৰতীয় নৌসেনাত সেৱা আগবঢ়াইছিল আৰু ২০০১ চনৰ ০৭ জানুৱাৰীত ইয়াক বন্ধ কৰি দিয়া হৈছিল।
২০২২চনৰ ২০ নৱেম্বৰৰ তাৰিখে মুকলি কৰা নতুন ‘ৱাগিৰ’ চাবমেৰিনে এতিয়ালৈকে থলুৱাভাৱে নিৰ্মিত সকলো চাবমেৰিনৰ ভিতৰত আটাইতকৈ কম সময়ৰ ভিতৰতে নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ গৌৰৱ লাভ কৰিছে।
উল্লেখনীয় যে সেৱা আগবঢ়োৱাৰ পূৰ্বে ব্যাপক গ্ৰহণযোগ্যতা পৰীক্ষা আৰু ধাৰাবাহিকভাৱে কঠোৰ আৰু প্ৰত্যাহ্বানমূলক সাগৰীয় পৰীক্ষাৰ সন্মুখীন হৈছে আই.এন.এছ.ৱাগীৰ ।