‘কেন্টাকি ফ্ৰাইড চিকেন’ বা ‘কে এফ চি’ৰ নাম নজনা মানুহ বিচাৰি পোৱাটো কঠিন। আমেৰিকাৰ এই কেন্টাকি ৰাজ্যত অৱস্থিত মেমথ কেভ ৰাষ্ট্ৰীয় উদ্যান। যিটোক পৃথিৱীৰ আটাইতকৈ দীঘল গুহা বুলিও জনা যায়। এই গুহাটোৰ বিশেষত্ব হ’ল যে মাটিৰ তলত থকা প্ৰায় ৪০০ মাইল দীঘল সুৰংগ ।
প্ৰায় এহেজাৰ বছৰ আগতে এই গুহাত আদিম লোকে বাস কৰিছিল। এই গুহাটোৱে পৃথিৱীৰ পৃষ্ঠৰ প্ৰায় ৫৩ হাজাৰ একৰ মাটিকালি সামৰি লৈছে। গুহাৰ ভিতৰত আচে হাবি, নদী । এই চূণশিলৰ গুহাবোৰত আছে খাদ, বিভিন্ন আকাৰৰ ঘৰ, জলপ্ৰপাত, বিশাল গম্বুজ— আৰু বহুতো আশ্চর্যজনক সামগ্ৰী ! গুহাটোৰ ভিতৰত আপুনি দেখা পাব আন এক পৃথিৱী। সেইবাবেই এই বিশাল গুহাটো দেশ-বিদেশৰ বহু পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু।