৮ জুলাইঃগুৱাহাটীঃ আজি গুৱাহাটীৰ ওজান বজাৰস্থিত বিবেকানন্দ কেন্দ্ৰত ভাৰতীয় গণনাট্য সংঘ আৰু ইলোৰা বিজ্ঞানমঞ্চই যৌথভাবে সুকন্ঠী শিল্পী, অসমৰ আপামৰ ৰাইজৰ হিয়াৰ আমঠু সুদক্ষিণা শৰ্মাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সুকলমে অনুষ্ঠিত হৈ যায়। উপস্থিত সুধীজন আৰু গুণমুগ্ধ সকলে শিল্পী গৰাকীৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰাৰ পিছত তেখেতৰ জীৱনকৃতিক লৈ নিৰ্মাণ কৰা দহ মিনিটৰ তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানৰ আঁতধৰা নয়ন প্ৰসাদে শোক প্ৰস্তাৱ পাঠ কৰাৰ পিছত কন্ঠশিল্পী তৰালি বাইদেউৰ কন্ঠত তপ্ত শিখাৰে….গানটিৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। গণনাট্যৰ হৈ নৰেন পাটগিৰি আৰু ইলোৰা বিজ্ঞান মঞ্চৰ পক্ষৰ পৰা ড’ জয়দেব শৰ্মাই শিল্পী জনাৰ দুয়োটা অনুষ্ঠানৰ সতে থকা সান্নিধ্যৰ কথা কোৱাৰ পিছত ড০ হীৰেন গোঁহাইয়ে শিল্পী দিলীপ শৰ্মা আৰু সুদক্ষিণা শৰ্মাই কষ্টকৰ জীৱন পৰিক্ৰমাৰ মাজেদি জীৱন নিৰ্বাহ কৰাৰ পিছতো দৰিদ্ৰ নিপীড়িত মানুহৰ বাবে গীত-মাত গাই গ’ল। ড০ দীনেশ গোস্বামী, জ্যোতিপ্ৰসাদৰ দুহিতা জ্ঞানদা পাঠক, শিল্পী ৰবিৰাম ব্ৰহ্ম, পৰিয়ালৰ ফালৰ পৰা সমৰ হাজৰিকা আৰু মনিষা হাজৰিকা, নিত্য বৰা, প্ৰাক্তন সাংসদ উদ্ধৱ বৰ্মণ, কীৰ্তি কমল ভূঞা, বোকাখাতৰ গণনাট্যৰ সক্ৰিয় কৰ্মী সোণেশ্বৰ নৰহে শিল্পী গৰাকী জীৱনৰ নানা দিশৰ বিষয়ে স্মতিচাৰণ কৰে। অনুষ্ঠানটিত অপৰাজিতা চৌধুৰী, মধুস্মিতা চোধুৰীয়ে সংগ্ৰাম লগ্নে আজি…, হুমায়ূণ চৌধুৰীয়ে ৰাতি পুৱাইলোৰে কুৰুৱাই পাৰে ৰাৱ …, ৰাজীৱ ভট্টাচাৰ্যই এটি কবিতা আৰু জয়দয়ন্তী কলা
কেন্দ্ৰই এটি ৰবীন্দ্ৰ সংগীত পৰিবেশন কৰে।