ভাৰতত মানৱ অধিকাৰ খৰ্ব কৰা হৈছে। আমেৰিকাই পুনৰ এই অভিযোগ উত্থাপন কৰিছে। আমেৰিকাৰ এক প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি ২০২২ চনত মানৱ অধিকাৰ উলংঘাৰ কেইবাটাও ঘটনা ভাৰতত সংঘটিত হৈছে ৷ নিৰ্বিচাৰ হত্যা, সংবাদ মাধ্যমৰ স্বাধীনতা দমনৰ লগতে সংখ্যালঘুৰ ওপৰত হোৱা অত্যাচাৰৰ কথা প্ৰতিবেদনত উল্লেখ কৰা হৈছে। এই প্ৰতিবেদন প্ৰকাশ কৰিছে আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেনে।
আমেৰিকাৰ প্ৰতিবেদনত দাবী কৰা অনুসৰি ২০২২ চনত ভাৰতত সংঘটিত কেইবাটাও ঘটনাত মানৱ অধিকাৰ খৰ্ব হৈছিল। মানৱ অধিকাৰ খৰ্ব হোৱা ঘটনাসমূহো আলোকপাত কৰা হৈছে। আৰক্ষীৰ নিৰ্যাতন, ন্যায় বহিৰ্ভূত হত্যা আদিৰ কথা উল্লেখ কৰা হৈছে। ইয়াৰ উপৰিও স্বেচ্ছাচাৰীভাৱে গ্ৰেপ্তাৰ, ৰাজনৈতিক কাৰাদণ্ড, সাধাৰণ মানুহৰ গোপনীয়তাত হস্তক্ষেপ আদিৰ ওপৰতো আলোকপাত কৰা হৈছে প্ৰতিবেদনত । সাংবাদিকক গ্ৰেপ্তাৰ কৰাৰ কথাও প্ৰতিবেদনত উল্লেখ কৰা হৈছে ৷
ভাৰতত ইণ্টাৰনেট ব্যৱহাৰৰ ওপৰত বাদশা-নিষেধ আৰোপ কৰা বুলিও দাবী কৰিছে আমেৰিকাৰ প্ৰতিবেদনে ৷ শান্তিপূৰ্ণভাৱে আয়োজিত সমাৱেশত বাধা, বিভিন্ন মানৱ অধিকাৰ সংগঠনৰ হাৰাশাস্তি আদি ঘটনা সংঘটিত হৈছে। ইয়াৰ উপৰিও যৌন নিৰ্যাতন, কৰ্মক্ষেত্ৰত হাৰাশাস্তি, বলপূৰ্বক বিবাহ আদি ঘটনাৰ কথাও প্ৰতিবেদনত উল্লেখ কৰা হৈছে।
ইয়াৰ পূৰ্বেও আমেৰিকাই মানৱ অধিকাৰ উলংঘাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবেদন দাখিল কৰিছিল। কিন্তু এই প্ৰতিবেদন ভাৰত চৰকাৰে অস্বীকাৰ কৰে। বিগত সময়ত নতুন দিল্লীয়ে ভাৰত এখন গণতান্ত্ৰিক দেশ বুলি অৱগত কৰিছিল। ইয়াত সকলোৰে অধিকাৰ সুৰক্ষিত। ইয়াৰ পাছতো আমেৰিকাই মানৱ অধিকাৰ উলংঘাৰ প্ৰতিবেদন প্ৰকাশ কৰা হৈছে ৷