আন্তৰ্জাতিক কাবাডী খেলুৱৈ সন্দীপ নাংগলক সোমবাৰে সন্ধিয়া পঞ্জাৱৰ জলন্ধৰত গুলীয়াই হত্যা কৰে দুর্বত্তই ৷ চাৰিজন অচিনাক্ত লোকে আন্তৰ্জাতিক খ্যাতিসম্পন্ন খেলুৱৈজনক গুলীয়াই হত্যা কৰিছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷ শ্বাহকোটৰ মালিয়ান কালান গাঁৱত এখন কাবাডী প্ৰতিযোগিতা চলি থকা সময়তে এই ঘটনা সংঘটিত হয় ৷ খেল চলি থকাৰ সময়ত চাৰিজন লোক এখন গাড়ীৰে আহি তেওঁক লক্ষ্য কৰি গুলীচালনা কৰে ৷ সন্দীপে প্ৰতিযোগিতাস্থলীৰ পৰা ওলাই অহাৰ সময়ত চাৰি অচিনাক্ত আক্ৰমণকাৰীয়ে তেওঁলৈ গুলীচালনা কৰে ৷ সন্দীপৰ ওপৰত আঠৰ পৰা দহ ৰাউণ্ড গুলী চালনা কৰে দুর্বৃত্তই ৷ ঘটনাস্থলীৰ পৰা ১০ টা খালী কার্টিজ উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷ গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত সন্দীপক নাকোদাৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল য’ত তেওঁক মৃত ঘোষণা কৰা হয় ৷ ৪০ বছৰীয়া কাবাডী খেলুৱৈজন শ্বাহকোটৰ নাংগল আম্বিয়ান গাঁৱৰ বাসিন্দা। অৱশ্যে, পৰিয়ালৰ সৈতে ইংলেণ্ডত বাস কৰিছিল সন্দীপে ৷ তেওঁ গাওঁখনত কাবাডী টুৰ্ণামেণ্ট আয়োজন কৰিছিল। সন্দীপে এক দশকৰো অধিক সময় কাবাডীৰ ক্ষেত্ৰখনত সুখ্যাতিৰে প্ৰদর্শন কৰি আহিছিল ৷ কানাডা, আমেৰিকা যুক্তৰাজ্য, ইংলেণ্ড আদিত তেওঁ সুনাম অর্জন কৰিছিল ৷