নিউয়র্কস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কার্যালয়ত শেহতীয়াকৈ অনুষ্ঠিত তৃতীয় ৰাষ্ট্ৰসংঘ আৰক্ষী মুৰব্বী সন্মিলন-২০২২ত ভাৰতক প্ৰতিনিধিত্ব কৰে ইণ্টেলজেন্স ব্যু’ৰৰ সঞ্চালক অসম সন্তান তপন কুমাৰ ডেকাই ৷ এই সন্মিলনত ভাষণ প্ৰদান কৰি তেওঁ বিগত সময়ছোৱাত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানত ভাৰতৰ আৰক্ষী বাহিনীয়ে আগবঢ়োৱা অৱদানৰ বিষয়ে উল্লেখ কৰে ৷ লগতে এই অভিযান অধিক কার্যক্ষম কৰিবলৈ গ্ৰহণ কৰিবলগা পদক্ষেপ সন্দর্ভত তেওঁ কেইবাটাও পৰামর্স আগবঢ়ায় ৷ ভাষণ প্ৰসংগত তেওঁ কয় যে বিশ্বৰ বিভিন্ন প্ৰান্তত ২৪ টা অভিযানলৈ ভাৰতে ৩০০০ আৰক্ষী জোৱান প্ৰেৰণ কৰিছে ৷ ২০০৭ চনত লিবেৰিয়াত ভাৰতে প্ৰথম সমূহ মহিলা গোট নিয়োগ কৰিছিল ৷ শান্তিৰক্ষা অভিযানসমূহে জটিল সশস্ত্ৰ সংঘাতৰ সৈতে মোকাবিলা কৰাত সহায় কৰিছে বুলি উল্লেখ কৰি তেওঁ এইবুলিও কয় “বোধগম্য নোহোৱা সংঘর্ষসমূহ ৰাজনৈতিকভাৱে সমাধান কৰাটো প্ৰয়োজনীয় ৷ মিছনসমূহৰ সৈতে জড়িত সামৰিক আৰু আসামৰিক লোকসকলক সামগ্ৰিক প্ৰদর্শনৰ ভিত্তিত তেওঁলোকক উৎসাহিত কৰা উচিত ৷” ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা প্ৰচেষ্টাৰ বাবে ফলপ্ৰসূ,ব্যৱস্থা আৰু প্ৰক্ৰিয়া নির্ধাৰণ কৰাটো প্ৰয়োজনীয় বুলি উল্লেখ কৰি তেওঁ কয় ‘ইউনাইট এৱেৰৰ দৰে প্ৰযুক্তিগত এপ্লিকেচনৰ জৰিয়তে অভিযানসমূহৰ সক্ষমতা বৃদ্ধি কৰিব লাগিব ৷ সেনা আৰু আৰক্ষীয়ে যুটীয়াভাৱে কাম কৰিবলৈ শিকিব লাগিব ৷ “