VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰাইছিৰ উত্তৰাধিকাৰী নির্বাচিত কৰিলে ইৰাণে ,সংস্কাৰবাদী পেজেছকিয়ান হ’ব দেশখনৰ নতুন ৰাষ্ট্ৰপতি

voicedesk by voicedesk
July 6, 2024
in মুখ্য সংবাদ
ৰাইছিৰ উত্তৰাধিকাৰী নির্বাচিত কৰিলে ইৰাণে ,সংস্কাৰবাদী পেজেছকিয়ান হ’ব দেশখনৰ নতুন ৰাষ্ট্ৰপতি
0
SHARES
32
VIEWS
Share on FacebookShare on Twitter

 

ইৰাণে প্ৰয়াত ইব্ৰাহিম ৰাইছিৰ উত্তৰাধিকাৰী হিচাপে নির্বাচিত কৰিছে  সংস্কাৰবাদী নেতা মাছুদ পেজেছকিয়ানক। ৰাষ্ট্ৰপতি নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্দ্বী ছাইদ জলিলিক পৰাস্ত কৰে। ইৰাণৰ চৰকাৰী সংবাদ সংস্থাই শনিবাৰে প্ৰকাশ কৰা অনুসৰি পেজেছকিয়ানে ১৭ লাখ ভোট আৰু জালিলিয়ে ১৩ লাখ ভোট লাভ কৰে।

 

ইৰাণৰ সংবিধান অনুসৰি ৰাষ্ট্ৰপতি ৰাইছিৰ মৃত্যুৰ পিছত উপ-ৰাষ্ট্ৰপতি মহম্মদ মখবৰে অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতিৰ ভূমিকা গ্ৰহণ কৰে। কিন্তু তেওঁ ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা নাছিল। এই নিৰ্বাচনত মুঠ চাৰিজন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। সাংসদ পেজেছকিয়ান আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সদস্য জালিলিৰ সৈতে সংসদৰ অধ্যক্ষ মহম্মদ বাঘেৰ গালিবাফ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ আন এজন সদস্য মুস্তাফা পৌৰমাহমদীয়ে ৰাষ্ট্ৰপতিয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল।

 

উল্লেখ্য যে ২৮ জুনত অনুষ্ঠিত হোৱা প্ৰথম ৰাউণ্ডৰ নিৰ্বাচনত কোনো প্ৰাৰ্থীয়ে ৫০ শতাংশতকৈ অধিক ভোট লাভ নকৰাত ইৰাণৰ সংবিধান অনুসৰি শুকুৰবাৰে দ্বিতীয় ৰাউণ্ডৰ ভোটগ্ৰহণ অনুষ্ঠিত হয়। প্ৰথম ৰাউণ্ডৰ ভোটগ্ৰহণত প্ৰথম আৰু দ্বিতীয় স্থান দখল কৰা পেজেছকিয়ান আৰু জালিলিয়ে এই ৰাউণ্ডত প্ৰতিদ্বন্দ্বিতা কৰে। পেছাত হৃদৰোগ বিশেষজ্ঞ পেজেছকিয়ানে প্ৰথম ৰাউণ্ডত ৪২ শতাংশ ভোট লাভ কৰি আগবাঢ়ি আছিল। আৰু ৩৯ শতাংশ ভোট লাভ কৰি দ্বিতীয় স্থানত আছিল জলিলি।

 

ইৰাণৰ ৬ কোটি ১০ লাখ ভোটাৰৰ ভিতৰত মাত্ৰ ৪০ শতাংশ ভোটাৰেহে প্ৰথম ৰাউণ্ডৰ নিৰ্বাচনত ভোটদান কৰিছিল। ১৯৭৯ চনৰ পিছত ইৰাণৰ যিকোনো ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটাৰৰ ভোটদানৰ হাৰ আছিল সৰ্বনিম্ন। অৱশ্যে শুকুৰবাৰে দ্বিতীয় ৰাউণ্ডত ৪৯.৮ শতাংশ ভোটাৰে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে।

 

প্ৰসংগক্ৰমে  উল্লেখ কৰিব পাৰি যে ১৯ মে’ত পূব আজাৰবাইজানৰ এখন পাহাৰত খুন্দা মৰাৰ পিছত ৰাইছিৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয়। ইৰাণৰ বৈদেশিক মন্ত্ৰী হোছেইন আমিৰাব্দুল্লাহিয়ানো দূর্ঘটনাত পতিত হয় ৷ দুৰ্ঘটনাত দুয়োৰে মৃত্যু হয়। ইৰাণৰ সংবিধান অনুসৰি ৰাষ্ট্ৰপতিৰ মৃত্যুৰ ৫০ দিনৰ ভিতৰত উপ-ৰাষ্ট্ৰপতি (অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতি), সংসদৰ অধ্যক্ষ আৰু ন্যায়পালিকাৰ মুৰব্বীৰে গঠিত পৰিষদে দেশখনত নতুন নিৰ্বাচনৰ আয়োজন কৰে। প্ৰথম অৱস্থাত ছয়জন প্ৰাৰ্থী আছিল যদিও পিছত দুজনে নাম প্ৰত্যাহাৰ কৰে। শেষত চূড়ান্ত যুঁজখন হৈছিল পেজেছকিয়ান আৰু জালিলিৰ মাজত।

Previous Post

লোকাৰ্নো ছবি মহোংসৱত শ্বাহৰুখ খানক প্ৰদান কৰা হ’ব জীৱনজোৰা সাধনা বঁটা

Next Post

হাৰ্ট এটেক হোৱাৰ আশংকা আছে নেকি? “কৃত্ৰিম বুদ্ধিমত্তা”সম্পন্ন যন্ত্ৰই কৰিব হার্ট এটেকৰ আগজাননী ,নতুন আৱিষ্কাৰৰ পথত অক্সফৰ্ড বিশ্ববিদ্যালয়

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
হাৰ্ট এটেক হোৱাৰ আশংকা আছে নেকি? “কৃত্ৰিম বুদ্ধিমত্তা”সম্পন্ন যন্ত্ৰই কৰিব হার্ট এটেকৰ আগজাননী ,নতুন আৱিষ্কাৰৰ পথত অক্সফৰ্ড বিশ্ববিদ্যালয়

হাৰ্ট এটেক হোৱাৰ আশংকা আছে নেকি? "কৃত্ৰিম বুদ্ধিমত্তা"সম্পন্ন যন্ত্ৰই কৰিব হার্ট এটেকৰ আগজাননী ,নতুন আৱিষ্কাৰৰ পথত অক্সফৰ্ড বিশ্ববিদ্যালয়

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7