ইছলামিক দেশসমূহত মহিলাৰ সজ পাৰ পৰিধানক লৈ কঠোৰ নীতি নিয়ম বলবৎ কৰা হয় ৷ বিশেষকৈ আইন অনুসৰি নির্ধাৰিত পোছাকহে মহিলাসকলে পৰিধান কৰিব লাগে ৷ অন্যথা তেওঁলোক কঠোৰ শাস্তিৰ সন্মুখীন হ’বলগীয়া হয় ৷ তেনে এক ঘটনাই সংঘটিত হ’ল ইৰাণত ৷ দেশখনৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়ে হিজাব পৰিধান নকৰাকৈ ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে ৷
৫২ বছৰীয়া চলচ্চিত্ৰ তাৰকাগৰাকীয়ে ইতিমধ্যে ন্যায়পালিকাই তেওঁক চমন জাৰি কৰা বুলি উল্লেখ কৰি ইনষ্টাগ্ৰামতহেংগামেহ গাজিয়ানিয়ে হিজাব আঁতৰোৱাৰ ভিডিঅ’ প্ৰকাশ কৰিছিল। তেওঁ লগতে কয় এই মুহূৰ্তৰ পৰাই তেওঁৰ যিয়েই নহওক কিয় শেষ উশাহলৈকে ইৰাণৰ জনসাধাৰণৰ লগত থাকিব ৷
যোৱা সপ্তাহত এটা পোষ্টত তেওঁ ইৰাণৰ চৰকাৰৰ বিৰুদ্ধে ৫০টাতকৈ অধিক শিশুক “হত্যা” কৰাৰ অভিযোগ উত্থাপন কৰিছিল। ছ’চিয়েল মিডিয়াত “উদ্দীপক” পোষ্টক লৈ মাতি অনা আঠজন লোকৰ ভিতৰত গাজিয়ানিও আছিল।
তেহৰাণত ইছলামিক আইন অনুসৰি পোছাক পৰিধান নকৰাৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কুৰ্দি মূলৰ ২২ বছৰীয়া মহিলা মাহছা আমিনিৰ আৰক্ষীৰ জিম্মাত মৃত্যুৰ ফলত দুমাহতকৈ অধিক সময় ধৰি ইৰাণত প্ৰতিবাদ অব্যাহত আছে ৷