কেৱল আৰ্থিক নিষেধাজ্ঞা নহয়। এইবাৰ ৱাশ্বিংটনে তেহৰাণৰ বিৰুদ্ধে সামৰিক আক্ৰমণৰ প্ৰস্তুতি আৰম্ভ কৰিছে নেকি? ইৰাণৰ উপকূলত তেল টেংকাৰত আক্ৰমণ ৰোধ কৰিবলৈ পশ্চিম এছিয়াৰ হৰমুজ জলদ্বীপৰ আশে-পাশে থকা অঞ্চলসমূহত এফ-১৬ যুদ্ধ বিমান নিয়োজিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আমেৰিকাই। ইয়াক কেন্দ্ৰ কৰি নতুন বিতৰ্ক আৰম্ভ হৈছে।
পেন্টাগনে অভিযোগ উত্থাপন কৰিছে যে যোৱা সপ্তাহত ইৰাণৰ নৌসেনাই হৰমুজ জলদ্বীপত দুখন তেল টেংকাৰ আক্ৰমণ কৰিছিল। পশ্চিমীয়া একাংশ সংবাদ মাধ্যমে দাবী কৰিছিল যে ইয়াৰে এখন জাহাজত গুলীচালনা কৰা হৈছিল। বিগত কেইবছৰমানৰ পৰা উপসাগৰীয় অঞ্চলত অবিৰতভাৱে তেল টেংকাৰৰ ওপৰত আক্ৰমণ চলি আহিছে। অভিযোগ অনুসৰি, বেছিভাগ আক্ৰমণ ইৰাণৰ জলসীমাৰ উপকূলত সংঘটিত হৈছে। প্ৰসংগক্ৰমে চৌদি আৰৱকে ধৰি পশ্চিম এছিয়াত আমেৰিকাৰ মিত্ৰ দেশসমূহৰ তেল টেংকাৰত এনে আক্ৰমণ সংঘটিত হৈছে। ইউক্ৰেইন যুদ্ধৰ পিছত সমগ্ৰ উপসাগৰীয় অঞ্চলত উত্তেজনা বৃদ্ধি পাইছে। তেলৰ দামও বৃদ্ধি পাইছে।
এনে পৰিস্থিতিত একাংশ প্ৰতিৰক্ষা বিশেষজ্ঞৰ মতে ইৰাণৰ জলসীমাৰ ওচৰৰ অঞ্চলটোত জো বাইডেন চৰকাৰে এফ-১৬ বিমান নিয়োগ কৰাৰ সিদ্ধান্তই পশ্চিম এছিয়াত যুদ্ধৰ নতুন পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। কাৰণ ইৰাণৰ সমীপত গৃহযুদ্ধত নামি থকা ছিৰিয়াত ৰাষ্ট্ৰপতি বাছাৰ আল আছাদৰ বিৰোধীক সমৰ্থন কৰিবলৈ ইতিমধ্যে আমেৰিকাই সৈন্য মোতায়েন কৰিছে। আনহাতে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাদিমিৰ পুটিনেও আছাদৰ সমৰ্থনত বাহিনী প্ৰেৰণ কৰিছে।