বেছিভাগ লোকেই গৰমৰ দিন অহাৰ লগে লগেই ফলমূলৰ পৰা তৈয়াৰী মিল্ক শ্বেক খাবলৈ আৰম্ভ কৰে। শৰীৰটো শীতল কৰি ৰখাৰ বাবেই হওক বা সোৱাদৰ বাবেই হওক, গৰমৰ দিনত যেন ফলৰ মিল্ক শ্বেক অবিহনে দিন অতিবাহিত নহয় বহুলোকৰ ।
কিন্তু ফলৰ দৰে পুষ্টিকৰ উপাদানৰে তৈয়াৰী হোৱাৰ পিছতো মানুহৰ বহু প্ৰশ্ন হয় যে ফলৰ মিল্ক শ্বেক স্বাস্থ্যৰ বাবে উপকাৰী নে ?
পুষ্টি বিশেষজ্ঞসকলৰ মতে মিল্ক শ্বেক স্বাস্থ্যৰ বাবে ক্ষতিকাৰকহে। তেওঁলোকৰ মতে কিছুমান বিশেষ ফল আছে যিবোৰ গাখীৰৰ লগত একেবাৰে মিহলি কৰি পাণ কৰা অনুচিত। নেমু, কমলা, আঙুৰ, অমিতা আৰু তৰমুজৰ দৰে ফলৰ মিল্ক শ্বেক শৰীৰৰ বাবে কেতিয়াও উপকাৰী নহয়।
তেওঁলোকৰ মতে এই ফলসমূহত ভিটামিন চি থকাৰ বাবে ইয়াক গাখীৰৰ লগত মিহলি কৰিলে ই স্বাস্থ্যৰ ক্ষতি কৰে।
গৱেষণাৰ পৰা দেখা গৈছে যে ভিটামিন চি, যাক এস্কৰবিক এচিড বুলিও কোৱা হয়, এবিধ এচিড যৌগ যিয়ে গাখীৰৰ প্ৰটিন ভাঙি পেলাব পাৰে।ফলত গাখীৰ ফাটি যোৱাৰ লগতে ইয়াৰ পুষ্টিগুণ হলোপ পায়। গাখীৰত ভিটামিন চি সমৃদ্ধ যিকোনো ফল যোগ কৰিলে গাখীৰ দৈ হয়।
যদি আপেল, আম,চেৰী, ষ্ট্ৰবেৰী, আনাৰস, নাচপতি, অমিতা আদি খাবলৈ বিচাৰে, তেন্তে গাখীৰৰ লগত একেবাৰে মিহলি নকৰিব। অন্যথা ইয়াৰ ফলত বদহজম, পেটৰ বিষ, বুকুৰ জ্বলাপোৰা, ক্ৰেম্প, এচিডিটি, ডায়েৰিয়া আদি হ’ব পাৰে।
মিল্ক শ্বেক খোৱাতকৈ প্ৰয়োজন হ’লে গোটা ফল খোৱা স্বাস্থ্যৰ বাবে উপকাৰী ।