আৰক্ষীৰ বাহনৰ খুন্দাত বটদ্ৰৱা কাণ্ডৰ মূল অভিযুক্ত আশ্বিকুল ইছলামৰ মৃত্যু ৷অৱশেষত মৃত্যু হ’ল বটদ্ৰৱা থানা আক্ৰমণ কাণ্ডৰ মূল অভিযুক্ত আশ্বিকুল ইছলামৰ! দেওবাৰে দিনৰ ভাগত আটক হোৱা আশ্বিকুলক লৈ নিশা আশ্বিকুলৰ জুৰীয়াৰ সোণাইবেৰাস্থিত বাসগৃহত অভিযান চলাবলৈ গৈছিল নগাঁও আৰক্ষীৰ এটা দল ।
উক্ত ঘটনা সন্দৰ্ভত নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেয়ে সংবাদ মাধ্যমক কয় যে , “আমি আশ্বিকুলে থানা আক্ৰমণৰ উচতনি দিয়াৰ সময়ত পৰিধান কৰা ৰঙা টি-চাৰ্ট আৰু আশ্বিকুলে লুকুৱাই থোৱা অস্ত্ৰ বিচাৰি তেওঁৰ ঘৰত অভিযান চলাইছিলো। অভিযানত আশ্বিকুলৰ ঘৰত এটা ৭.৬৫এমএম পিষ্টল আৰু এটা .৩২ পিষ্টল আৰু ৭জাঁই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ। আশ্বিকুলৰ ঘৰৰ পৰা ৰঙা টি চাৰ্টটোও আমি উদ্ধাৰ কৰোঁ। কিন্তু অভিযান চলাই ঘূৰি অহাৰ সময়ত ৰাইদঙীয়াৰ ওচৰত আশ্বিকুলে আমাৰ গাড়ীৰ পৰা জঁপিয়াই পলোৱাৰ চেষ্টা কৰে। দুৰ্ভাগ্যজনক ভাৱে পিছফালৰ পৰা আহি থকা আমাৰ আৰক্ষীৰ বাহনে আশ্বিকুলক খুন্দা মৰাত তেওঁ গুৰুত্বৰভাৱে আহত হয়। আহত আশ্বিকুলক আমি লগে লগে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোঁ যদিও চিকিৎসকে আশ্বিকুলক মৃত বুলি ঘোষণা কৰে। অৱশ্যে দুৰ্ঘটনাটোত আমাৰ আৰক্ষীৰো এজন বিষয়া আৰু ৪জন জোৱান সামান্যভাৱে আহত হৈছে।”
ইতিমধ্যে আশ্বিকুলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বিপিচিএইচৰ মৰ্গলৈ প্ৰেৰণ কৰা হৈছে। উল্লেখযোগ্য যে, দেওবাৰে দিনটো আশ্বিকুলক জেৰা চলাইছিল নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেৰ লগতে অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই।