গৰুৰ গোবৰ আৰু মূত্ৰৰ পৰা বহনক্ষম আৰু দৈনন্দিন সামগ্ৰী তৈয়াৰ কৰি কৃষক সমাজৰ অৰ্থনৈতিক উন্নয়ন সম্ভৱনে? আই আই টি (বেনাৰস হিন্দু বিশ্ববিদ্যালয়)ৰ গৱেষকসকলে ইয়াক লৈ গৱেষণা আৰম্ভ কৰিছে ৷ তেওঁলোকৰ মতে গৱেষণা সফল হ’লে গ্ৰাম্য ভাৰতৰ অৰ্থনৈতিক আৰ্হি সলনি কৰিব পৰা যাব।
শেহতীয়াকৈ কৰা এক অধ্যয়ন, “গৰু-ম’হৰ গোবৰ আৰু মূত্ৰৰ উন্নত ব্যৱহাৰৰ বাবে বৈজ্ঞানিক বৈশিষ্ট্য নিৰ্ণয় পদ্ধতি: এটা সংক্ষিপ্ত পৰ্যালোচনা”ই একে দাবী কৰিছে। ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ে এই প্ৰকল্পৰ বাবে আৰ্থিক সাহায্য আগবঢ়াইছে। গৱেষক দলটোৰ অন্যতম সদস্য তথা স্কুল অৱ বায়’কেমিকেল ইঞ্জিনিয়াৰিং আই আই টি (বি এইচ ইউ)ৰ অধ্যাপক অভিষেক সুৰেশ ধোবলে কয় যে গাখীৰ উপৰি গো-পালকসকলে গৰুৰ প্ৰস্ৰাৱ আৰু গৰুৰ গোবৰৰ দ্বাৰা আৰ্থিকভাৱে লাভৱান হ’ব পাৰে। তেওঁ অৱশ্যে স্বীকাৰ কৰে যে এনে বৈজ্ঞানিক গৱেষণাৰ ত্ৰুটি আছে। তেওঁলোকৰ সেই ত্ৰুটি দূৰ কৰিবলৈ চেষ্টা কৰিব ৷
বিজ্ঞানীসকলৰ মতে এই গৱেষণাই সামগ্ৰিক জ্ঞান বৃদ্ধি কৰাই নহয়, ভৱিষ্যতে অধিক প্ৰগতিশীল গৱেষণাৰ দুৱাৰ মুকলি কৰিব। গৰুৰ গোবৰ আৰু গৰুৰ মূত্ৰক ‘প্ৰফাইল’ কৰি প্ৰাচীন আৰু পৰম্পৰাগত গাঁৱৰ মতাদৰ্শক বৈজ্ঞানিক মাপকাঠীত অন্তৰ্ভুক্ত কৰা সম্ভৱ। যিয়ে হয়তো ভৱিষ্যতে গোবৰ আৰু গৰুৰ প্ৰস্ৰাৱৰ পৰা তৈয়াৰী টুথপেষ্ট, চুলিৰ তেল, চেম্পু, কণ্ডিচনাৰ আদিৰে অৰ্থনৈতিক প্ৰগতিৰ বাট মুকলি কৰিব।
অভিষেকে এই সন্দৰ্ভত সঞ্চালক অধ্যাপক প্ৰমোদকুমাৰ জৈনক কৃতজ্ঞতা জ্ঞাপন কৰে। এনে বিশেষ গৱেষণাৰ ফলত ভাৰতৰ গ্ৰাম্য অৰ্থনীতিত গৰুৰ উপযোগিতা অধিক শক্তিশালী হ’ব বুলিও তেওঁৰ বিশ্বাস।