এসময়ৰ আমেৰিকাৰ “ফাৰ্ষ্ট লেডী” মিচেল ওবামা এইবাৰ প্ৰার্থী হ’ব নেকি ৰাষ্ট্ৰপতি নির্বাচনৰ ? ইয়াক লৈ সৃষ্টি হৈছে জল্পনা কল্পনা ৷কিয়নো ডেম’ক্ৰেটৰ আভ্যন্তৰীণ সমীক্ষাত তেওঁ প্ৰথম পছন্দ হিচাপে বিবেচিত হৈছে । আনকি এই সমীক্ষাত তেওঁ চেৰ পেলাইছে বৰ্তমানৰ ৰাষ্ট্ৰপতি জো বাইডেনক ৷
ৰাছমুচেন ৰিপৰ্টৰ সমীক্ষাৰ জৰিয়তে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ‘অনুমোদন ৰেটিং’ দৈনিক জনা যায়। একেটা সমীক্ষাতে প্ৰকাশ পাইছে যে ডেম’ক্ৰেটৰ প্ৰায় আধা সংখ্যকে ৰাষ্ট্ৰপতি নিৰ্বাচনত বাইডেনৰ সলনি নতুন মুখ চাব বিচাৰে। সমীক্ষা অনুসৰি প্ৰায় ৪৮ শতাংশ ডেম’ক্ৰেটে নৱেম্বৰৰ নিৰ্বাচনৰ পূৰ্বে বাইডেনৰ বাহিৰে আন প্ৰাৰ্থী হোৱাটো পছন্দ কৰিব বুলি কয়। আনহাতে, ৩৮ শতাংশ ডেম’ক্ৰেটে বাইডেনক সমৰ্থন কৰিছে। ডেম’ক্ৰেটিক দলৰ সৰ্বাধিক ২০ শতাংশ ভোটাৰে বাইডেনৰ ঠাইত মিচেলক প্ৰাৰ্থী হিচাপে গ্ৰহণ কৰে।
এই তথ্যৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে। আমেৰিকাত নৱেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰাইমাৰীত ২০ শতাংশ ডেম’ক্ৰেটৰ সমৰ্থন মিচেলে লাভ কৰিছে। নবাইডেনৰ ঠাইত মিচেলে ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী হিচাপে নিযুক্তি দিবলৈ দাবী জনাইছে মিচেলৰ সমৰ্থকসকলে। কিন্তু মিচেল অকলশৰীয়া নহয়, উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ, হিলাৰী ক্লিণ্টন, কেলিফৰ্ণিয়াৰ গৱৰ্ণৰ গেভিন নিউজম আৰু মিচিগানৰ গৱৰ্ণৰ গ্ৰেচেন হুইটমাৰে এই দৌৰত অংশগ্ৰহণ কৰিছে। আভ্যন্তৰীণ সমীক্ষাত কমলা হেৰিছে ১৫ শতাংশ ভোট লাভ কৰে। ১২ শতাংশ ডেম’ক্ৰেটে ভাবে যে এইবাৰ ৰাষ্ট্ৰপতিৰ ভোট হিলাৰী বনাম ট্ৰাম্প হ’ব লাগে। সূত্ৰ অনুসৰি তেওঁক ইতিমধ্যে ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা চিন্তা কৰিবলৈ অৱগত কৰা হৈছে।
ইমান দিনে আমেৰিকাৰ ৰাষ্ট্ৰপতি নির্বাচনৰ যুঁজখন কেৱল ট্ৰাম্প আৰু বাইডেনৰ মাজতহে অনুষ্ঠিত হ’ব । কিন্তু নিৰ্বাচনৰ সময় ওচৰ চাপি অহাৰ লগে লগে নতুন নতুন নাম উল্লেখ হৈছে। অৱশ্যে বাইডেনে নিজকে আটাইতকৈ যোগ্য প্ৰাৰ্থী হিচাপে উপস্থাপন কৰিছে। বাইডেনৰ মূল বাধা হৈছে তেওঁৰ বয়স বৃদ্ধি। যাৰ বাবেই হয়তো ভোটাৰৰ এক বৃহৎ অংশই তেওঁক ৰাষ্ট্ৰপতি হিচাপে পুনৰ চাব নিবিচাৰে ৷ তেনে ক্ষেত্ৰত মিচেলৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তাই হোৱাইট হাউছৰ দৌৰত ডাৰ্ক হৰ্চ হৈ পৰিব পাৰে?