সংসদৰ মজিয়াত ৰাহুল গান্ধীয়ে অভিযোগ কৰিছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ যিকোনো বিদেশ ভ্ৰমণৰ পিছত তেওঁৰ উদ্যোগপতি বন্ধু গৌতম আদানীয়ে সেই দেশতে কিবা নহয় কিবা এটা দায়িত্ব লাভ কৰে। এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গ্ৰীচ ভ্ৰমণৰ পিছতে প্ৰকাশ পোৱা অনুসৰি আদানী গ্ৰুপে গ্ৰীচৰ বন্দৰসমূহ অধিগ্ৰহণ কৰিবলৈ বিচাৰিছে।
গ্ৰীচৰ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি গ্ৰীচৰ প্ৰধানমন্ত্ৰীৰ সৈতে মোডীৰ বৈঠকত ভাৰতে গ্ৰীচৰ কেইবাটাও বন্দৰ অধিগ্ৰহণৰ বাবে আগ্ৰহ প্ৰকাশ কৰে। কাৰণ আদানী গ্ৰুপ ইয়াৰ প্ৰতি আগ্ৰহী। আদানী গ্ৰুপে প্ৰথম অৱস্থাত দুটা বন্দৰৰ ওপৰত চকু ৰাখিছিল । গ্ৰীচৰ প্ৰধানমন্ত্ৰী কিৰিয়াকোছ মিটছোটাকিছক নৰেন্দ্ৰ মোডীয়ে কয় যে গ্ৰীচ ইউৰোপলৈ ভাৰতীয় সামগ্ৰীৰ ‘গেটৱে’ হ’ব পাৰে।
দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত ব্ৰিকছ সন্মিলনৰ পাছত গ্ৰীচ ভ্ৰমণ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ৪০ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে গ্ৰীচ ভ্ৰমণ কৰিছিল। এই বিদেশ ভ্ৰমণৰ বাবেই চন্দ্ৰযানৰ চন্দ্ৰত অৱতৰণৰ সময়ত মোডী ভাৰতত থাকিব পৰা নাছিল । শনিবাৰে পুৱা গ্ৰীচৰ পৰা পোনপটীয়াকৈ বাংগালুৰুৰ ইছৰোত উপস্থিত হয়। কংগ্ৰেছৰ মুখ্য মুখপাত্ৰ জয়ৰাম ৰমেশে এই প্ৰসংগত কয় যে হয়তো এই কাৰণেই প্ৰধানমন্ত্ৰীয়ে আগতে বেংগালুৰুত উপস্থিত হ’ব পৰা নাছিল।
গ্ৰীচত প্ৰধানমন্ত্ৰীয়ে দ্বিপাক্ষিক বাণিজ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অহা বছৰৰ আৰম্ভণিতে গ্ৰীচৰ প্ৰধানমন্ত্ৰীক দিল্লী ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাইছে মোডীয়ে। দেশৰ উদ্যোগপতিয়েও মোডীক সংগ দিয়ে। ভাৰতৰ বিশাল বজাৰৰ সুবিধা ল’বলৈ গ্ৰীচৰ ঔদ্যোগিক খণ্ডক আহ্বান জনোৱা হৈছে। গ্ৰীচৰ বন্দৰ ব্যৱহাৰ কৰি ভাৰতীয় সামগ্ৰী কেনেকৈ ইউৰোপীয় বজাৰলৈ যাব পাৰে সেই সন্দৰ্ভত আলোচনা হয়। গ্ৰীচৰ চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি সেই দেশৰ সংবাদ মাধ্যমে কয় যে মোডীয়ে ভাৰতৰ বাবে ইউৰোপলৈ সামগ্ৰী পৰিবহণৰ বাবে গ্ৰীচ কেনেদৰে ‘ট্ৰেনজিট হাব’ হ’ব পাৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ৷ আদানী গ্ৰুপে প্ৰথম অৱস্থাত দুটা বন্দৰৰ ওপৰত নজৰ ৰাখিছে। কাভালা আৰু ভোলছ বন্দৰত চকু পৰিছে আদানিৰ। আদানি গ্ৰুপে আন এটা বন্দৰ আলেকজেণ্ড্ৰৌপলিকো নজৰত ৰাখিছে। যদি এই বন্দৰসমূহ ভাৰতৰ অধীনলৈ আহে তেন্তে ইউ এ ই বা আদানীৰ মালিকানাধীন ইজৰাইলৰ হাফিয়া বন্দৰৰ জৰিয়তে ভাৰতীয় সামগ্ৰীসমূহ সহজেই ইউৰোপীয় বজাৰত প্ৰৱেশ কৰিবলৈ সক্ষম হ’ব। এথেন্সৰ ওচৰৰ পাইৰিয়াছ বন্দৰটো বিবেচনাধীন হৈ আছে । কিন্তু সেই বন্দৰৰ নিয়ন্ত্ৰণ চীন কোম্পানী এটাৰ হাতত আছে ।
মোডীৰ ভ্ৰমণৰ পিছত গ্ৰীচৰ সংবাদ মাধ্যমত আদানী গ্ৰুপে গ্ৰীচৰ বন্দৰত বিনিয়োগ কৰাৰ সম্ভাৱনাৰ খবৰ ওলাইছিল যদিও কেন্দ্ৰীয় চৰকাৰৰ কোনেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল। বিৰোধী শিবিৰে অনুভৱ কৰিছে যে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ উপলক্ষে যদি আদানী গোটে গ্ৰীচৰ বন্দৰটো অধিগ্ৰহণ কৰে তেন্তে বিৰোধীয়ে নতুন অস্ত্ৰ লাভ কৰিব। আদানী গোটে মোডীৰ দিনত এই দেশৰ কেইবাটাও বন্দৰ আৰু বিমানবন্দৰ অধিগ্ৰহণ কৰিছে। ইয়াৰ পূৰ্বে মোডীৰ ইজৰাইল, শ্ৰীলংকা, বাংলাদেশ ভ্ৰমণৰ পিছত সেই দেশসমূহত আদানী গ্ৰুপক ঋণ দিয়াৰ অভিযোগ উত্থাপন হৈছে।