চাঞ্চল্যকৰ শ্বীনা বৰা হত্যাকাণ্ডই লৈছে নতুন মোৰ ৷ প্ৰকৃতার্থত শ্বীনা বৰাক হত্যা কৰা হৈছিলনে? এতিয়াও জীয়াই আছে নেকি শ্বীনা বৰা ? এনে বহু প্ৰশ্নই উত্থাপিত হৈছে এই হাই প্ৰফাইল মার্ডাৰৰ ঘটনাক লৈ ৷ কিয়নো এই হত্যাকণ্ডৰ মূল অভিযুক্ত তথা মাতৃ ইন্দ্ৰানী মুখার্জীয়ে দাবী কৰিছে যে শ্বীনা বৰা এতিয়াও জীয়াই আছে ৷
গোচৰটোৰ তদন্তকাৰী সংস্থা চি বি আইলৈ এই কথা উল্লেখ কৰি ইন্দ্ৰানীয়ে প্ৰেৰণ কৰা এখন পত্ৰই এই সমগ্ৰ ঘটনাতে এক টুইষ্টৰ সৃষ্টি কৰিছে ৷ চি বি আই ৰ মুৰব্বীলৈ লিখা পত্ৰখনত উল্লেখ কৰা অনুসৰি ইন্দ্ৰানী মুখার্জীয়ে কাৰাগাৰৰ ভিতৰত এগৰাকী কাৰাবন্দীক লগ পাইছে, যিগৰাকীয়ে শ্বীনাক কাশ্মীৰত লগ পাইছে ৷ সেয়েহে এই বিষয়টো তদন্ত কৰিবলৈ চি বি আইক আহ্বান জনাইছে ৷
উল্লেখ্য যে ২০১২ চনত সংঘটিত শ্বীনা বৰা হত্যাকণ্ডত ইন্দ্ৰানী মুখার্জীক ২০১৫ চনত গ্ৰেপ্তাৰ কৰা হৈছিল ৷ তেতিয়াৰ পৰা মুম্বাইৰ বাইকুলা জেলত বন্দী হৈ আছে ইন্দ্ৰানী৷ ইতিমধ্যে একেটা গোচৰত ইন্দ্ৰানীৰ স্বামী পিটাৰ মুখার্জীকো গ্ৰপ্তাৰ কৰা হৈছে ৷ অৱশ্যে চি বি আইয়ে ইন্দ্ৰানী মুখার্জীৰ দাবী গুৰুত্বসহকাৰে লোৱা নাই বুলি জানিব পৰা গৈছে ৷