বহুতে বিশ্বাস কৰিব নিবিচাৰে যে প্ৰেম উদযাপনৰ বাবে কোনো বিশেষ দিন থাকিব পাৰে। বহুতৰ বাবে প্ৰেম কৰাৰ নাথাকে কোনো অজুহাত ৷ ইয়াৰ মাজতো বিশ্বজুৰি পালন কৰা হয় ভেলেণ্টাইন ডে’ ৷ এসপ্তাহ ধৰি উদযাপন কৰা হয় এই বিশেষ দিন ৷ প্ৰথম দিন গোলাপ ফুলৰ সৈতে, পিছদিনা প্ৰেমৰ প্ৰস্তাৱ লৈ, তৃতীয় দিন চকলেট লৈ আৰু চতুৰ্থ দিন হাতত টেডি লৈ, পঞ্চম দিনত ইজনে সিজনৰ কাষত থকাৰ প্ৰতিশ্ৰুতিৰে, ষষ্ঠ দিনত আলিংগন কৰি শেষৰ দিনটো চুমা লৈ আৰু অৱশেষত বহু প্ৰত্যাশিত ‘ভেলেন্টাইন ডে’ উদযাপন কৰা হয় ৷
প্ৰেমৰ ৰং ৰঙা হোৱাৰ বাবে আজি ৰঙা কাপোৰ, ৰঙা গোলাপ, ৰঙা বেলুন লৈ যুৱক যুৱতী সকলে প্ৰেমৰ দিৱস উদযাপন কৰে ৷ কিন্তু এই প্ৰেমৰ ৰং ৰঙা হোৱাৰ আঁৰত আছে এক ৰক্তাক্ত ইতিহাস। আজিৰ দিনটো প্ৰেমৰ দিৱস হিচাপে উদযাপন কৰাৰ আঁৰৰ কাহিনী কিন্তু মধুৰ অথবা ৰোমাঞ্চকৰ নহয়৷ বৰঞ্চ এয়া এক শোকাৱহ ঘটনাহে ৷
পোপ গেলাছিয়াছে পঞ্চম শতিকাৰ শেষৰ ফালে ১৪ ফেব্ৰুৱাৰীক ‘ভেলেন্টাইন ডে’ হিচাপে ঘোষণা কৰিছিল। চেন্ট ভেলেণ্টাইনৰ আত্মত্যাগৰ কাহিনী ইতিহাসৰ পৃষ্ঠাত লিপিৱদ্ধ হৈ আছে ৷ এই দিৱস ৰোমৰ বাসিন্দা, খ্ৰীষ্টান ধৰ্মৰ পুৰোহিত আৰু চিকিৎসক চেণ্ট ভেলেণ্টাইনৰ আত্মত্যাগৰ দিন ৷ সেই সময়ত ৰোমৰ সম্ৰাট দ্বিতীয় ক্লাউডিয়াছে সেই দেশত নিষিদ্ধ খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰাৰ বাবে চেণ্ট ভেলেণ্টাইনক কাৰাগাৰত ভৰোৱাৰ নিৰ্দেশ দিছিল। তাত বন্দী হৈ থকাৰ সময়তে তেওঁ এগৰাকী অন্ধ মহিলাৰ চিকিৎসা কৰি তেওঁৰ দৃষ্টিশক্তি ঘূৰাই আনে। তেওঁৰ এই কাহিনী দেশৰ মাজত বিয়পি পৰিল ৷ ভেলেণ্টাইনৰ জনপ্ৰিয়তাত ৰজা ক্লাউডিয়াছে ক্ষুব্ধ হৈ তেওঁক নাইকিয়া কৰিবলৈ তেওঁক ফাঁচী দিছিল। সেইদিনা আছিল ১৪ ফেব্ৰুৱাৰী।
কিন্তু চেণ্ট ভেলেণ্টাইনে কেতিয়াও ব্যক্তিগত প্ৰেমৰ প্ৰচাৰ কৰা নাছিল। প্ৰেম পুৰুষ-মহিলাৰ শাৰীৰিক ছন্দৰ লগত বান্ধ খাই থকা নাই। তেওঁৰ জাতি, ধৰ্ম, জাতি নিৰ্বিশেষে মানৱ প্ৰেমৰ বিষয়ে প্ৰচাৰ কৰিছিল । সেই প্ৰেমে বিৱৰ্তনৰ পদাংক অনুসৰণ কৰি একেবাৰে ব্যক্তিগত ক্ষেত্ৰখনতে আৱদ্ধ হৈ পৰিছে