আপোনাৰ হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা আছে নেকি ? সেয়া আগতীয়াকৈ কোৱাটো সম্ভৱপৰ নহয় ৷ যাৰ বাবে অজানিতে অকালতে বহু লোকে প্ৰাণ হেৰুৱাব লগীয়া হয় ৷ কিন্তু শীঘ্ৰে হার্ট এটেকৰ সম্ভাৱনীয়তা আগতীয়াকৈ জানিব পাৰিব আপুনি ৷অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষকসকলে কৃত্ৰিম বুদ্ধিমত্তা (AI) ব্যৱহাৰ কৰি এনে এক যন্ত্ৰ প্ৰস্তুত কৰিছে যিয়ে হৃদযন্ত্ৰৰ অৱস্থা নিৰীক্ষণ কৰিব পাৰে আৰু আগন্তুক ১০ বছৰত এজন ব্যক্তিৰ হৃদৰোগ হোৱাৰ সম্ভাৱনা আছে নে নাই সেয়া ভৱিষ্যদ্বাণী কৰিব পাৰে।
‘ব্ৰিটিছ হাৰ্ট ফাউণ্ডেশ্যন’ই এক গৱেষণা পত্ৰত দাবী কৰিছে যে এই এ আই অপাৰেটেড ডিভাইচে হাৰ্ট এটেকৰ মৃত্যুৰ হাৰ বহু পৰিমাণে হ্ৰাস কৰিব। প্ৰায় ছাৰে তিনি লাখ হৃদৰোগীক পৰীক্ষা কৰি গৱেষকসকলে এই দাবী কৰিছে। মাজে মাজে বুকুৰ বিষ হোৱা ৰোগী, যিসকলক চিটি স্কেন কৰা হৈছিল, তেওঁলোকক এই যন্ত্ৰটোৰ ফলপ্ৰসূতা পৰীক্ষা কৰিবলৈ নিৰ্বাচিত কৰা হৈছিল। ভাল ফলাফল পোৱা বুলি দাবী কৰিছে গৱেষকসকলে ।
এই ডিভাইচটোৱে কেনেকৈ কাম কৰিব? অক্সফ’ৰ্ডৰ গৱেষকসকলে প্ৰকাশ কৰা অনুসৰি এআইৰ দ্বাৰা পৰিচালিত এই যন্ত্ৰটোৱে ‘স্কেন’ কৰি আগন্তুক ১০ বছৰত হৃদযন্ত্ৰৰ অৱস্থা কেনেকুৱা হ’ব সেই কথা ভৱিষ্যদ্বাণী কৰিবলৈ সক্ষম হ’ব। হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা আছে নে নাই? এই যন্ত্ৰটোৰ ফলপ্ৰসূতা এতিয়াও পৰীক্ষামূলক পৰ্যায়ত আছে। গৱেষকসকলে বিভিন্ন ৰোগীক পৰীক্ষা কৰি নিৰীক্ষণত ৰাখিছে।
চিকিৎসকৰ মতে, যিকোনো বয়সতে, যিকোনো সময়তে হাৰ্ট এটেক হ’ব পাৰে। আজিকালি বহু লোক ‘ছাইলেণ্ট হাৰ্ট এটেক’ত ভুগিছে। এই ক্ষেত্ৰত লক্ষণসমূহ আগতীয়াকৈ ধৰা নপৰে, হঠাতে দেখা দিয়ে। ৰোগীক বচাবলৈ সময় নাথাকে ৷ চিকিৎসকৰ মতে ব্যস্ত জীৱনত অতিৰিক্ত মানসিক চাপ, উদ্বেগ, শাৰীৰিক ব্যায়ামৰ অভাৱ, নিচাই হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। উচ্চ ৰক্তচাপ বা ডায়েবেটিছ ৰোগত আক্ৰান্ত ৰোগী বা মেদবহুলতাৰ সমস্যা থকা ৰোগীসকলো হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি। ইয়াৰ উপৰিও প্ৰচেছড ফুড, ফ্ৰাইড ফুড, বাহিৰৰ তেল মচলাযুক্ত খাদ্য বেছিকৈ খোৱাৰ অভ্যাসেও আমাক হৃদৰোগৰ দিশে ঠেলি দিছে।