উত্তৰ প্ৰদেশত আই এছ আইৰ বাবে চোৰাংচোৱাগিৰি কৰা এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে এণ্টি টেৰ’ৰিষ্ট স্কোৱাডে। অভিযুক্ত যুৱকজনৰ নাম মহম্মদ ৰাইছ। অভিযোগ অনুসৰি, ৰাইছে ভাৰতীয় সেনাৰ গুৰুত্বপূৰ্ণ তথ্য পাকিস্তানলৈ প্ৰেৰণ কৰিছিল। ইয়াৰ বিনিময়ত তেওঁ বৃহৎ পৰিমাণৰ টকা লাভ কৰিছিল । এই কথা প্ৰকাশ কৰিছে উত্তৰ প্ৰদেশ এ টি এছে।
এ টি এছৰ সূত্ৰ অনুসৰি ৰাইছ উত্তৰ প্ৰদেশৰ গণ্ডা জিলাৰ তাৰাবগঞ্জ অঞ্চলৰ বাসিন্দা। মুম্বাইত কাম কৰি থাকোঁতে তেওঁ আৰ্মান নামৰ এজন যুৱকক লগ পায়। আৰক্ষীৰ জেৰাত ৰাইছে কয় যে আৰমানেই তেওঁক এই চোৰাংচোৱাৰ বাবে নিয়োগ কৰিছিল ৷
জেৰাৰ সময়ত ৰাইছে এইটোও দাবী কৰে যে তেওঁ আৰমানক ইউ এ ইত চাকৰি বিচাৰিবলৈ কৈছিল। কিন্তু আৰমানে তেওঁক বিপুল পৰিমাণৰ ধনৰ বাবে চোৰাংচোৱাগিৰি কৰিবলৈ প্ৰলোভিত কৰে। এ টি এছৰ মতে, ইয়াৰ পিছতে যোৱা বছৰ হুছেইন নামৰ এজন ব্যক্তিৰ পৰা ৰয়েইছলৈ ফোন আহিছিল। তেওঁ নিজকে পাক চোৰাংচোৱা বুলি পৰিচয় দিলে। হুছেইনেই ভাৰতীয় সামৰিক ঘাটিৰ তথ্য প্ৰদানৰ দায়িত্বও ৰাইছক দিছিল। বিনিময়ত ১৫ হাজাৰ টকা ৰাইছলৈ প্ৰেৰণ কৰা হয়। ইয়াৰ পিছত ৰাইছে নিজৰ কিছুমান বন্ধুক ব্যৱহাৰ কৰি চোৰাংচোৱাগিৰি আৰম্ভ কৰে।
উত্তৰ প্ৰদেশ এ টি এছে জনাইছে যে গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰাৰ পিছত দীৰ্ঘদিন ধৰি ৰাইছৰ ওপৰত চোৰাংচোৱাগিৰি চলি আছিল। ইয়াৰ পিছতে তেওঁক সোধা-পোছাৰ বাবে লক্ষ্ণৌস্থিত এ টি এছৰ মুখ্য কাৰ্যালয়লৈ মাতি অনা হয়। তাতেই তেওঁক গ্ৰেপ্তাৰ কৰা হয়।
এই পৰিপ্ৰেক্ষিতত উত্তৰ প্ৰদেশৰ বিশেষ ডিজি (আইন-শৃংখলা) প্ৰশান্ত কুমাৰে কয় যে, “এটিএছৰ দ্বাৰা গ্ৰেপ্তাৰ হৈছে ৰাইছ নামৰ এজন যুৱক। তেওঁ গোণ্ডাৰ বাসিন্দা। তেওঁক এ টি এছৰ মুখ্য কাৰ্যালয়লৈ মাতি অনা হয়। জেৰাৰ সময়ত তেওঁ চোৰাংচোৱাগিৰিৰ সৈতে জড়িত বুলি স্বীকাৰ কৰে।”