দুধর্ষ সন্ত্ৰাসবাদী সংগঠন আইছিছৰ নৃশংসতা সর্বজন বিদিত ৷ গণহত্যাৰ পৰা আৰম্ভ কৰি যৌন দাসী ৰখালৈ আইছিছৰ কর্ম কাণ্ডই সকলোকে আতংকিত কৰি আহিছে ৷ ইছলামিক ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ লক্ষ্যৰে সন্ত্ৰাসৰ সৃষ্টি কৰি অহা আইছিছৰ সর্বাধিনায়কৰ অৱশেষত মৃত্যু হ’ল ৷ আমেৰিকাই আইছিছৰ সর্বাধিনায়ক আবু ইব্ৰাহিম আল-হাছিমি আল-কুৰেশ্বীৰ মৃত্যু হোৱাৰ তথ্য ৰাজহুৱা কৰিছে ৷ ছিৰিয়াৰ চহৰ আতমেৰ এটা বাসগৃহত নিজৰ লগতে পৰিয়ালক বোমাৰে উৰুৱাই দিয়ে আইছিচৰ মুৰব্বী আবু ইব্ৰাহিম আল-হাছিমি আল-কুৰেশ্বী ওৰফে আমিৰ মহম্মদে ৷ যাক জনা গৈছিল প্ৰফেছৰ হিচাপে ৷
ঘটনাৰ বিৱৰণী অনুসৰি ছিৰিয়াৰ উক্ত স্থানত পৰিয়ালসহ আত্মগোপন কৰি থকাৰ বাতৰি লাভ কৰিছিল মার্কিন সেনা বাহিনীয়ে ৷ ইয়াৰ পাছতে মার্কিন সেনাৰ এটা বৃহৎ দলে উক্ত অঞ্চলটোত অভিযান আৰম্ভ কৰে ৷ কিন্তু মার্কিন বাহিনীয়ে তেওঁৰ ওচৰ চপাৰ পুর্বেই পৰিয়ালৰ লগতে নিজকে উৰুৱাই দিয়ে দুধর্ষ সন্ত্ৰাসবাদী জনে ৷ ইয়াৰ পুর্বে ২০১৯ চনৰ অক্টোবৰত প্ৰতিষ্ঠাপক আবু বকৰ আল-বাগদাদীয়েও আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশেষ বাহিনীৰ অভিযানত নিজকে বোমাৰে উৰুৱাই দিছিল ৷ ইয়াৰ পাছতে পিছত আবু ইব্ৰাহিম আল-হাছিমি আল-কুৰেশ্বীয়ে আইছিছৰ দায়িত্ব গ্ৰহণ কৰে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত বহু বছৰধৰি হোৱা আক্ৰমণ তথা চিৰিয়া আৰু উত্তৰ ইৰাকত স্বঘোষিত “খিলাফত” হেৰুওৱাৰ ফলত আইছিছ দুৰ্বল হৈ পৰাৰ সময়ত কুৰেশ্বীয়ে দায়িত্ব গ্ৰহণ কৰিছিল ৷ উত্তৰ ইৰাকৰ তাল আফাৰ চহৰত জন্ম গ্ৰহণ কৰিছিল কুৰেশ্বীয়ে ৷ অত্যন্ত সাধাৰণ জীৱন- যাপন কৰা কুৰেশ্বী প্ৰকৃতার্থত আছিল অত্যন্ত নৃশংস ৷ ছাদ্দাম হুছেইনৰ অধীনত ইৰাকী সেনাত সেৱা আগবঢ়োৱা কুৰেশ্বীয়ে ২০০৩ চনত হুছেইনক আল-কায়দাত যোগদান কৰে ৷