প্ৰাক্তন ক্ৰিকেটাৰ তথা বিজেপি সাংসদ গৌতম গম্ভীৰলৈ আইছিছ কাশ্মীৰ শাখাৰ পৰা হত্যাৰ ভাবুকি আহিছে। এতিয়ালৈকে তৃতীয়বাৰৰ বাবে সাংসদ গৰাকীয়ে এই ভাবুকি লাভ কৰিছে।
ইমেইল যোগে মৃত্যুৰ ভাবুকি লাভ কৰি গৌতম গম্ভীৰে স্থানীয় আৰক্ষী চকীত অভিযোগ দাখিল কৰিছিল। বিষয়টো সন্দৰ্ভত তদন্ত আৰম্ভ হৈছিল যদিও পুনৰ ভাবুকি লাভ কৰাত প্ৰাক্তন ক্ৰিকেটাৰজন শংকিত হৈ পৰিছে।
তৃতীয়বাৰ পুনৰ ভাবুকি প্ৰেৰণ কৰাত দিল্লী আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰিছে। ইতিমধ্যে দিল্লী আৰক্ষীয়ে প্ৰথমটো গোচৰ সিন্ধ প্ৰদেশৰ পৰা আহিছিল বুলি নিশ্চিত কৰিছে।
একেৰাহে তিনিবাৰকৈ মৃত্যুৰ ভাবুকি লাভ কৰাত খেলুৱৈজনৰ লগতে অনুৰাগীসকলো চিন্তাত পৰিছে।