গুৱাহাটীত পদাৰ্পণ কৰিব চন্দ্ৰৰ দক্ষিণ গোলাৰ্ধত চন্দ্ৰযান-৩ সফল অৱতৰণ কৰোৱা প্ৰমুখ বিজ্ঞানী তথা ভাৰতীয় মহাকাশ গৱেষনা সংস্হাৰ অধ্যক্ষ ড: শ্ৰীধৰ পানিকাৰ সোমনাথ ৷ অহা ১৭ জানুৱাৰীত কৰা প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ ক্ৰমে গুৱাহাটীত উপস্হিত হ’ব বিজ্ঞানী তথা ভাৰতীয় মহাকাশ গৱেষনা সংস্হাৰ অধ্যক্ষ আৰু চন্দ্ৰযান -৩ ৰ আৰৰ মূল হোতা ড: শ্ৰীধৰ পানিকাৰ সোমনাথ ৷
চন্দ্ৰযান-৩ ৰ সফলতাৰ বিজয় উৎসৱ উপলক্ষে নতুনকৈ স্হাপন কৰা গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰি ইছৰোৰ অধ্যক্ষ তথা বিজ্ঞানী ড: শ্ৰীধৰ পানিকাৰ সোমনাথক সিদিনা সম্বৰ্ধনা জ্ঞাপন কৰিব বুলি প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক যোগেশ কাকতিয়ে জানিবলৈ দিছে ৷ উল্লেখ্য, শ্ৰীমন্ত শংকৰদেৱ শিক্ষা আৰু গৱেষনা ন্যাসে প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় স্হাপন কৰি ২০২৩ বৰ্ষৰ পৰা স্নাতক শ্ৰেণীৰ শিক্ষা প্ৰদান কৰি অহা বিশ্ববিদ্যালয়খনে ২০২৪ -২৫ বৰ্ষৰ পৰা সকলো বিষয়ৰ স্নাতক, স্নাতকোত্তৰৰ লগতে পি,এই,ডি ৰ প্ৰগ্ৰেম পাঠ্যক্ৰমৰ শিক্ষা প্ৰদান কৰাৰ ব্যৱস্হা কৰিছে ৷
বিশ্ববিদ্যালয়ৰ মূল কেন্দ্ৰ চন্দ্ৰপুৰৰ হাজংৱৰীত নিৰ্মাণৰত অৱস্হাত আছে যদিও সম্প্ৰতি গুৱাহাটীৰ গীতানগৰত পাঠদান অব্যাহত ৰখা হৈছে ৷ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ১৭ জানুৱাৰীৰ আবেলি তিনি বজাত অনুষ্ঠিত হবলগীয়া সম্বৰ্ধনা সভাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ লগত মত -বিনিময় কৰিব অধ্যক্ষ গৰাকীয়ে ৷মূলত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বিদ্যাৰ্থীৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয় পৰ্যায়ৰ সকলো শাখাৰ বিদ্যাৰ্থীয়ে উক্ত মত-বিনিময় অনুষ্ঠানত উপস্হিত থাকিব পাৰিব ৷ অৱশ্যে প্ৰমুখ বিজ্ঞানী গৰাকীৰ মত-বিনিময় অনুষ্ঠানত উপস্হিত থাকিবলৈ আগতীয়াকৈ পঞ্জীয়ন কৰিব লাগিব বুলি বিশ্বিবিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিছে ৷
ইয়াৰ বাবে ইতিমধ্যে গুগুল ফৰমেট বিশ্ববিদ্যালয় কৰ্তৃপক্ষই মুকলি কৰি দিছে ৷ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সীমিত সংখ্যক আসনৰ প্ৰতি লক্ষ্য ৰাখি এনেদৰে আগতীয়াকৈ পঞ্জীয়নৰ ব্যৱস্হা কৰা হৈছে ৷ ইচ্ছুক ছাত্ৰ-ছাত্ৰীয়ে অহা ৯ জানুৱাৰীৰ পূৰ্বে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই নিৰ্দিষ্ট কৰি দিয়া গুগুল ফৰ্মত নিৰ্ধাৰণ কৰি দিয়া সময়ৰ পূৰ্বে আগতীয়াকৈ নিজৰ নাম প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ নিজা ৱেবচাইটত ইতিমধ্যে উপলব্ধ হৈ থকা গুগুল ফৰ্ম যোগে পঞ্জীয়ন কৰিব পাৰিব বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই উল্লেখ কৰিছে ৷