গুৱাহাটীত উপস্থিত হৈছে ইছৰোৰ অধ্যক্ষ ডঃ শ্ৰীধৰ পানিকাৰ সোমনাথ ৷ প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ মৰ্মে গুৱাহাটীত পদাৰ্পণ কৰিছে চন্দ্ৰৰ দক্ষিণ গোলাৰ্ধত চন্দ্ৰযান-৩ ৰ সফল অৱতৰণ কৰোৱা বিজ্ঞানীদলৰ প্ৰমুখ বিজ্ঞানী গৰাকীয়ে ৷ আজি দুপৰীয়াৰ ভাগত তেওঁ বৰঝাৰ বিমানবন্দৰত উপস্থিত হয় ৷ বিয়লিৰ ভাগত তেওঁ প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ে আয়োজন কৰা সম্বৰ্ধনা আৰু ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে মত -বিনিময় অনুষ্ঠানত অংশ ল’ব ৷ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তর্জাতিক প্ৰেক্ষাগৃহত আয়োজন কৰা অনুষ্ঠানত তেওঁ ভাগ ল’ব ৷
উল্লেখ্য যে শংকৰদেৱ শিক্ষা আৰু গৱেষণা ন্যাসৰ দ্বাৰা স্থাপন কৰা আৰু ২০২৩ বৰ্ষৰ পৰা স্নাতক শ্ৰেণীৰে শিক্ষাৰম্ভ কৰা প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ে ২০২৪ -২৫ বৰ্ষৰ পৰা নিৰ্ধাৰিত সকলো বিষয়তে স্নাতক, স্নাতকোত্তৰ আৰু পি,এইচ,ডি পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিছে ৷ অহা শিক্ষাবৰ্ষৰ পৰা মূলকেন্দ্ৰ চন্দ্ৰপুৰৰ হাজংবৰীত স্থায়ীভাৱে শিক্ষাদান আৰম্ভ হ‘বলগীয়া বিশ্ববিদ্যালয়খনে সম্প্ৰতি গুৱাহাটীৰ গীতানগৰস্থিত মহানগৰ চৌহদত পাঠদান অব্যাহত ৰাখিছে ৷ ‘
আজি অনুষ্ঠিত হ’বলগীয়া মত -বিনিময় অনুষ্ঠানত মূলত উচ্চতৰ মাধ্যমিক শিক্ষান্ত বৰ্ষ আৰু স্নাতক চূড়ান্ত বৰ্ষৰ বিদ্যাৰ্থীক প্ৰমুখ্য কৰি আয়োজন কৰা অনুষ্ঠানটিত সকলো শাখাৰ বিদ্যাৰ্থীয়ে অংশগ্ৰহণ কৰিব ।
বন্তি প্ৰজ্জ্বলন আৰু শিল্পী দিৱস উপলক্ষে মহান শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণেৰে শুভাৰম্ভ হ‘বলগীয়া উক্ত অনুষ্ঠানত সকলো ইচ্ছুক ছাত্ৰ-ছাত্ৰী আৰু ব্যক্তিক উপস্থিত থাকিবলৈ উদ্যোক্তাসকলৰ হৈ ‘শংকৰদেৱ শিক্ষা আৰু গৱেষণা ন্যাস‘ৰ মিডিয়া আৰ্কিটেক শ্ৰী শৈলেন্দ্ৰ পাণ্ডে আৰু প্ৰচাৰ বিভাগৰ শ্ৰী লালজী সোণাৰীয়ে অনুৰোধ জনাইছে।