শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ঢকুৱাখনা জিলা শাখাৰ অধিবেশন অনুষ্ঠিত কৰাৰ প্ৰস্তুতি আৰম্ভ হৈছে। ঢকুৱাখনা জিলা শাখাৰ অহা ১৯, ২০ আৰু ২১ জানুৱাৰীত ৩৩ সংখ্যক জিলা অধিবেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
সোৱণশিৰী আঞ্চলিক শাখাৰ আতিথ্যত স্বৰ্ণপুৰ প্ৰাথমিক শাখাৰ উদ্যোগত অনুষ্ঠিতব্য এই জিলা অধিবেশনৰ লাইখুঁটা সোমবাৰে স্থাপন কৰা হয়। “স্বৰ্ণপুৰ সমন্বয় ক্ষেত্ৰ”নামাংকন কৰি এই পবিত্ৰ ক্ষেত্ৰত সোমবাৰে অগণন আই বাপ সমস্তৰ উপস্থিতিত গুৰুবাদ্য আৰু হৰি নামৰ অপূৰ্ব ধ্বনি,আয়তীৰ উৰুলিৰ মাজত,ভকত বৈষ্ণবৰ সহযোগিতাত পবিত্ৰ মূল মণ্ডপৰ লাই খুঁটা স্থাপন কৰে জিলা শাখাৰ সভাপতি পূৰ্ণানন্দ গগৈয়ে।
ইয়াৰ পাছতে সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত কৰা হয় মুকলি সভা। জিলা শাখাৰ সভাপতি পূৰ্ণানন্দ গগৈৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ শুভ উদ্বোধন কৰে জিলা শাখাৰ সম্পাদক পুতুল শইকীয়াই। সভাত সন্মানীয় অতিথি হিচাপে সংঘৰ প্ৰচাৰ শাখাৰ সভাপতি টংকেশ্বৰ গোঁহাই, শৰণ সদস্য থানেশ্বৰ বৰা আদিয়ে অংশগ্ৰহণ কৰে।