ধাৰাসাৰ বৰষুণত জলমগ্ন হৈ পৰিছে দেশৰ ৰাজধানী দিল্লী । শুকুৰবাৰৰ পৰা হোৱা নেৰানেপেৰা বৰষুণত বাট-পথ প্লাৱিত হৈ পৰিছে। প্ৰচণ্ড বৰষুণৰ ফলত এদিনতে ভাঙি পৰে দিল্লীৰ ১৫টা ঘৰ। এজন লোকৰ মৃত্যু হৈছে । পৰিসংখ্যা অনুসৰি যোৱা ২৪ ঘন্টাত দিল্লীত ১৫৩ মিলিমিটাৰ বৰষুণ হৈছে। ১৯৮২ চনৰ পৰা জুলাই মাহত দিল্লীত ইমান বৰষুণ হোৱা নাছিল। ৪০ বছৰৰ অভিলেখ ভংগ কৰিলে বৰষুণৰ পৰিমাণে ৷
শুকুৰবাৰে সন্ধিয়াৰ পৰা দিল্লীত বৰষুণ আৰম্ভ হয়। গোটেই ৰাতি বৰষুণ দিয়াৰ পিছত শনিবাৰে পুৱা বতৰৰ কোনো পৰিৱৰ্তন নহ’ল। ফলত ৰাজধানীৰ অধিকাংশ অঞ্চল পুৱাৰে পৰা পানীত ডুব গৈছিল। শনিবাৰে বৰষুণ অধিক তীব্ৰতৰ হৈ পৰে।বৰষুণৰ ফলত কাৰোল বাগ অঞ্চলৰ টিবিয়া কলেজ ছ’চাইটিত এখন বিশাল দেৱাল ভাঙি পৰাত এজন বৃদ্ধৰ মৃত্যু হয়। মৃত লোকজনৰ নাম হৈছে ৰঞ্জিত কৌৰ (৫৮)। তেওঁ সেই অঞ্চলৰ স্থানীয় বাসিন্দা।
বৰষুণৰ ফলত দেশবন্ধু মহাবিদ্যালয়ৰ পিছফালৰ দেৱালখনো ভাঙি পৰে। সেই বেৰৰ কাষতে ৰখাই থোৱা ১৫খন বিলাসী গাড়ী আৰু ১০ৰ পৰা ১২খন বাইক আৰু স্কুটাৰ ক্ষতিগ্ৰস্ত হয়। শনিবাৰে দিল্লীৰ ৰাজপথ পানীৰে ভৰি থকা পথৰ বাবে প্ৰচণ্ড যান-জঁটৰ সৃষ্টি হয়। এনে পৰিস্থিতিত দিল্লীত চৰকাৰী কৰ্মচাৰীৰ উইকেণ্ড ছুটী বাতিল কৰা হৈছে। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে চৰকাৰী কৰ্মীসকলক পৰিস্থিতিৰ ওপৰত চকু ৰাখিবলৈ নিৰ্দেশ দিছে।
মৌসম ভৱনে জনোৱা মতে, অহা দুই-তিনি দিনলৈ দিল্লীকে ধৰি উত্তৰ ভাৰতৰ অধিকাংশ ঠাইত ধাৰাসাৰ বৰষুণ হ’ব। ইয়াৰ পিছত বৰষুণৰ পৰিমান অলপ কমি যাব পাৰে। যোৱা দুদিনত তাপমাত্ৰা যথেষ্ট হ্ৰাস পাইছে।