কাৰ্গিল যুদ্ধত ব্যৱহৃত বিস্ফোৰণ নোহোৱা বোমাত নিহত হ’ল এজন কিশোৰ। দেওবাৰে লাডাখৰ কুৰবাথাঙৰ এষ্ট্ৰ’ ফুটবল খেলপথাৰৰ সমীপত সংঘটিত হয় এই ঘটনা। এই বোমা বিস্ফোৰণত আন দুজন কিশোৰ আহত হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। তিনিওজনেই পাছকুমৰ খাৰজুঙৰ বাসিন্দা। ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধৰ সময়ত ব্যৱহৃত বোমাটো কোনো কাৰণত বিস্ফোৰণ হোৱা নাছিল বুলি দেওবাৰে আৰক্ষীয়ে প্ৰকাশ কৰে। আৰু বছৰ বছৰ ধৰি তাতেই পৰি আছিল। কিন্তু হঠাৎ বিস্ফোৰণ হোৱাৰ বাবে সংঘটিত হয় দুৰ্ঘটনাটো।
এই প্ৰসংগত পাছকুমৰ কাউন্সিলাৰ কাচো মহম্মদ ফিৰোজে কয়, ‘তিনি কিশোৰে খেলপথাৰত ফুটবল খেলিবলৈ গৈছিল। তাৰে এজনে পথাৰৰ ওচৰত বোমা এটাত উজুটি খায়। আৰু লগে লগে বোমাটো বিস্ফোৰণ হয় ৷ বিস্ফোৰণৰ ফলত দুজন কিশোৰ আলী নাকি আৰু মুন্তাজিৰ মেহদী গুৰুতৰভাৱে আহত হয়। কিন্তু বোমা বিস্ফোৰণৰ ফলত বাকিৰ নামৰ কিশোৰ এজনৰ মৃত্যু হয়। তিনিজন লোকক চিকিৎসাৰ বাবে কুৰবাথাং জিলা চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসকে বাকিৰক মৃত ঘোষণা কৰে।“
লাডাখৰ লেফটেনেণ্ট গৱৰ্ণৰ (এল জি) বি ডি মিশ্ৰই মৃতকৰ পৰিয়ালক ৪ লাখ আৰু আহত পৰিয়ালক ১ লাখ টকা ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে। তেওঁ কয়, ‘এই ঘটনাৰ বাবে মই গভীৰভাৱে দুখী। দুৰ্ভাগ্যজনক যে এজন কিশোৰৰ মৃত্যু হৈছে আৰু আন দুজন গুৰুতৰভাৱে আহত হৈছে।” কাৰ্গিল যুদ্ধত ক্ষতিগ্ৰস্ত অঞ্চলসমূহত পুনৰ অভিযান চলোৱা হ’ব বুলিও তেওঁ কয়। যদি এনে কোনো বিস্ফোৰণ নোহোৱা বোমা থাকে তেন্তে সেইবোৰ বিচাৰি উলিয়াই নিষ্ক্ৰিয় কৰা হ’ব।এই ঘটনাই স্বাভাৱিকতে অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে। জনসাধাৰণৰ সুৰক্ষাক লৈও উদ্বেগ প্ৰকাশ কৰা হৈছে।