বিজেপি নেতৃত্বাধীন এনডিএৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জগদীপ ধনখৰে আজি মনোনয়ন পত্ৰ দাখিল কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কেবিনেট মন্ত্ৰী ৰাজনাথ সিং ,অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ লগতে বহুকেইজন মন্ত্ৰী-সাংসদে তেওঁক সংগ দিয়ে ৷
পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যপাল ৭১ বছৰীয়া ধনখৰৰ বিৰুদ্ধে ৬ আগষ্টত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত বিৰোধীয়ে ৭৭ বছৰীয়া প্ৰবীণ কংগ্ৰেছ নেত্ৰী মাৰ্গাৰেট আলভাক থিয় কৰাইছে।
বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকয়া নাইডুৰ কাৰ্যকাল অহা ১০ আগষ্টত শেষ হ’ব। উপ-ৰাষ্ট্ৰপতি পদৰ বাবে মনোনয়ন দাখিলৰ পূর্বে কালি ধনখৰে ৰাজ্যপাল পদৰ পৰা পদত্যাগ কৰে ৷
১৯৫১ চনত ৰাজস্থানৰ ঝুনঝুনুৰ কিথানা গাঁৱত এটা জাট পৰিয়ালত জন্মগ্ৰহণ কৰা ধনখৰে ১৯৯০ চনত ৰাজনীতিত প্ৰৱেশ কৰে ৷ ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ত তেওঁ ওকালতি কৰিছিল ৷
তেওঁ হাৰিয়ানাৰ জাট কৃষক নেতা প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী দেৱীলালৰ সৈতে জড়িত আছিল। চন্দ্ৰ শেখৰৰ অল্পকালীন, কংগ্ৰেছ সমৰ্থিত চৰকাৰখনত ধনখৰে মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰিছিল ৷ পি ভি নৰসিংহ ৰাও প্ৰধানমন্ত্ৰী হোৱাৰ সময়ত তেওঁ কংগ্ৰেছত যোগদান কৰে।ধনখৰে বিজেপিত যোগদান কৰে ৷ তিনি বছৰ পূৰ্বে তেওঁ পশ্চিমবংগৰ ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰিছিল ৷