৩৪ বছৰ এটা পুৰণি গোচৰত উচ্চতম ন্যায়ালয়ে পাঞ্জাৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা ভাৰতীয় ক্ৰিকেট দলৰ জনপ্ৰিয় খেলুৱৈ নৱজোৎ সিং সিদ্ধুক কাৰাদণ্ডৰে দণ্ডিত কৰিছে ৷ ইয়াৰ পাছতে যোৱা শুকুৰবাৰে পাটিয়ালা আদালতত আত্মসমর্পন কৰিছিল প্ৰাক্তন ক্ৰিকেটাৰজনে ৷ লাহ-বিলাহত দিন কটোৱা সিদ্ধুৱে হজম কৰিব পৰা নাই কাৰাগাৰৰ খাদ্য ৷ যাৰ বাবে কাৰাগাৰৰ ভিতৰত বিশেষ খাদ্য বিচাৰিছে সিদ্ধুৱে ৷ আনকি কাৰাগাৰলৈ যোৱাৰ দুদিন পাছতে অসুস্থ হৈ পৰিছে তেওঁ ৷ কংগ্ৰেছ নেতা নৱজোত সিং সিদ্ধুক সোমবাৰে পুৱা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে পাটিয়ালাৰ ৰাজিন্দ্ৰ হাস্পতাললৈ স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়া হয়।
ৰাজনীতিবিদগৰাকীৰ অধিবক্তা এইচ পি এছ বাৰ্মাই কয় যে কাৰাগাৰত নৱজোত সিদ্ধুৱে বিশেষ খাদ্য বিচাৰিছে। চিকিৎসালয়খনত নৱজোত সিদ্ধুৰ বিশদ চিকিৎসা পৰীক্ষা সম্পন্ন কৰিব চিকিৎসক ব’ৰ্ডে। চিকিৎসক ব’ৰ্ডে কি বিশেষ খাদ্যৰ প্ৰয়োজন সেয়া চাব আৰু তাৰ পিছত স্থানীয় আদালতত (পাটিয়ালাত) যাৱতীয় আৱেদন দাখিল কৰিব ক্ৰিকেটাৰজনৰ অধিবক্তাই ৷
অধিবক্তাগৰাকীৰ মতে, নৱজোত সিদ্ধুৱে ঘেঁহু, চেনি, ময়দা আদি কিছুমান খাদ্য সামগ্ৰী খাব নোৱাৰে। ফাইবাৰ আৰু কাৰ্বহাইড্ৰেট নথকা সামগ্ৰীহে সিদ্ধুৱে গ্ৰহণ কৰে চিকিৎসক ব’ৰ্ডে স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত প্ৰতিবেদন দাখিল কৰিব ৷
৫৮ বছৰীয়া কংগ্ৰেছ নেতাগৰাকী এম্ব’লিজমৰ দৰে চিকিৎসাজনিত অৱস্থাত ভুগি আছে আৰু তেওঁৰ লিভাৰৰ ৰোগ আছে। ২০১৫ চনতো দিল্লীৰ এখন চিকিৎসালয়ত একিউট ডিপ ভেইন থ্ৰম্ব’ছিছ ৰোগত চিকিৎসা গ্ৰহণ কৰিছিল নৱজোত সিদ্ধুৱে।গভীৰ সিৰাত তেজ জমা হোৱাৰ ফলত ডিভিটি হয় যিয়ে স্বাভাৱিক তেজৰ সোঁতত বাধাৰ সৃষ্টি কৰে।
নৱজোত সিদ্ধুক তালৈ অনাৰ পিছতে কেইবাজনো কংগ্ৰেছ সমৰ্থক উপস্থিত হয় ৰাজিন্দ্ৰ হাস্পতালত। পঞ্জাৱৰ প্ৰাক্তন কংগ্ৰেছ অধ্যক্ষগৰাকীয়ে স্থানীয় আদালতত আত্মসমৰ্পণ কৰাৰ পিছতে ২০ মে’ত পটিয়ালা কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। ১৯৮৮ চনত ৰোড ৰেজ ডেথ গোচৰত উচ্চতম ন্যায়ালয়ে তেওঁক এবছৰৰ কঠোৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে।