ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্টা ক্ৰমান্বয়ে সাগৰত ডুব গৈ আছে। যাৰ বাবে দেশখনৰ প্ৰশাসনে ৰাজধানীখন দেশৰ আন ঠাইলৈ স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই নতুন ৰাজধানীখন ২০২৪ চনৰ ১৭ আগষ্ট অৰ্থাৎ ইণ্ডোনেছিয়াৰ স্বাধীনতা দিৱসত উদ্বোধন কৰা হ’ব ৷ ইণ্ডোনেছিয়াৰ প্ৰশাসনৰ সূত্ৰ অনুসৰি জাকাৰ্টাৰ পৰা ২০০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত বৰ্ণিঅ’ত দেশখনৰ নতুন ৰাজধানী নিৰ্মাণ কৰা হৈছে। ইতিমধ্যে আন্তঃগাঁথনি নিৰ্মাণৰ আধা কাম সম্পূৰ্ণ হৈছে। অৱশ্যে ২০৪৫ চনৰ আগষ্টৰ ভিতৰত নির্মাণ সম্পূৰ্ণ হ’ব।
ইণ্ডোনেছিয়াৰ বৰ্তমানৰ ৰাজধানী বিশ্বৰ অন্যতম জনবহুল চহৰ। মহানগৰীখনত প্ৰদূষণৰ মাত্ৰাও বিপজ্জনক। ২০৫০ চনৰ ভিতৰত চহৰখনৰ এক তৃতীয়াংশ জাভা সাগৰৰ তললৈ যাব পাৰে বুলি আশংকা কৰা হৈছে।
ইতিমধ্যে ব’ৰ্নিওত আন্তঃগাঁথনি নিৰ্মাণ আৰম্ভ হৈছে। প্ৰথম অৱস্থাত দেশৰ আমোলাসকলক তাত থকাৰ ব্যৱস্থা কৰা হৈছে। নিৰাপত্তাজনিত কাৰণত সকলোকে নতুন চহৰখনত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই। কেবল নিউজ এজেন্সী এ পিৰ এটা প্ৰতিনিধি দল তালৈ যাবলৈ অনুমতি দিয়া হৈছিল। ইণ্ডোনেছিয়াৰ চৰকাৰী সূত্ৰৰ মতে, নতুন চহৰখনৰ কমেও ৬০ শতাংশ ঘন অৰণ্যই সামৰি ল’ব। দেশৰ ৰাষ্ট্ৰপতি জোকো উইডোডোৱে বিচাৰিছে নতুন ৰাজধানীখনৰ নাম ‘নুসন্তৰা’। কিন্তু পৰিৱেশবিদসকলে আশংকা কৰিছে যে ৰাজধানীখন বৰ্নিওৰ ঘন অৰণ্যৰ মাজলৈ স্থানান্তৰিত কৰিলে বন ধ্বংস হ’ব ৷কেইবাটাও বন জনজাতি বিপদত পৰিব বুলি আশংকা কৰা হৈছে ৷ ।