৭.৬ প্ৰাবল্যৰ ভূমিকম্প আৰু ছুনামীয়ে মধ্য জাপানক কাৰ্যতঃ ধ্বংসাৱশেষত পৰিণত কৰিছে ৷ মঙলবাৰৰ পুৱালৈকে কমেও ৪৮ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিডাই আশংকা প্ৰকাশ কৰিছে যে ধ্বংসাৱশেষ আঁতৰাই দিলে হতাহতৰ সংখ্যা “অগণন” হ’ব পাৰে। তেওঁ কয়, ‘বহুত ক্ষতি হৈছে। বহু লোক আহত হয়। বহু ঘৰ ভাঙি গৈছে।”
দেশখনৰ কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি সোমবাৰে বিয়লিৰ পৰা মঙলবাৰৰ পুৱালৈকে মৃদু আৰু মধ্যমীয়া ভূমিকম্পই ১৫৫ বাৰ জোকাৰি গৈছিল জাপানক। ইয়াৰ ভিতৰত ৰিখটাৰ স্কেলত সৰ্বোচ্চ কম্পন ৰেকৰ্ড কৰা হৈছে ৭.৬। দ্বিতীয় সৰ্বোচ্চ কম্পনৰ মাত্ৰা হ’ল ৬। আন বেছিভাগ কম্পনৰ মাত্ৰা ৩ বা তাতকৈ কম।
আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি সোমবাৰে বিয়লি জাপানত সংঘটিত হোৱা মূল ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল হনছু দ্বীপৰ ইছিকাৱা। ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাৱল্য আছিল ৭.৫। সোমবাৰে দিনৰ ১ বজাত এই ভূমিকম্পই প্ৰথমে জাপানক জোকাৰি গৈছিল। ভূমিকম্পৰ লগে লগে জাপানৰ কেইবাটাও উপকূলীয় অঞ্চলত চুনামীৰ সতৰ্কবাণী জাৰি কৰা হয়।
জাপানৰ প্ৰায় ৩৩ হাজাৰ ঘৰত ভূমিকম্পৰ পিছত এতিয়াও পুনৰ বিদ্যুৎ যোগান ধৰা হোৱা নাই। ভাঙি যোৱা পথৰ বাবে উদ্ধাৰকাৰী দল আৰু সেনাবাহিনীয়ে বাৰে বাৰে বাধাৰ সন্মুখীন হ’বলগীয়া হয়। জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে, কমেও ১০০০ লোকক সামৰিক শিবিৰলৈ স্থানান্তৰ কৰা হৈছে। অৱশ্যে উদ্ধাৰকাৰী দলটোৱে এতিয়াও দেশৰ উত্তৰ প্ৰান্তৰ ন’ট’ উপদ্বীপত উপস্থিত হোৱা নাই। মঙলবাৰে পুৱা প্ৰধানমন্ত্ৰী কিছিদাই এখন জৰুৰী বৈঠক অনুষ্ঠিত কৰি উদ্ধাৰৰ কাম শীঘ্ৰে সমাপ্ত কৰিবলৈ নিৰ্দেশ দিয়ে। উদ্ধাৰ অভিযান শেষ হ’লে কেইবাজনো লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰাৰ সম্ভাৱনা আছে।