বর্তমান সময়ত বিশ্বৰ ভিতৰত কোনখন পাছপ’র্ট আটাইতকৈ শক্তিশালী আপুনি জানেনে ? অথবা কোনখন পাছপ’র্টে বিশ্বৰ আটাইতকৈ অধিক দেশত মান্যতা লাভ কৰে জানেনে ? শেহতীয়া অধ্যয়ন অনুসৰি জাপান, ছিংগাপুৰ আৰু দক্ষিণ কোৰিয়াৰ পাছপ’র্ট হৈছে বর্তমান সময়ত আটাইতকৈ শক্তিশালী পাছপ’ৰ্ট ৷ ক’ভিড মহামাৰীৰ পূৰ্বে ইউৰোপীয় ৰাষ্ট্ৰসমূহৰ এইক্ষেত্ৰত সর্বাধিক আধিপত্য পৰিলক্ষিত হৈছিল ৷
ইমিগ্ৰেচন কনচালটেন্সী হেনলি এণ্ড পাৰ্টনাৰ্ছৰ শেহতীয়া হেনলি পাছপ’ৰ্ট সূচাংক অনুসৰি জাপানীজ পাছপ’ৰ্টৰ জৰিয়তে ১৯৩খন দেশত সহজে প্ৰৱেশৰ সুবিধা লাভ কৰিব পাৰে ৷ ছিংগাপুৰ আৰু দক্ষিণ কোৰিয়াৰ লোকসকলে ১৯২ খন দেশত সহজে প্ৰৱেশ কৰিব পাৰে ৷
ৰাছিয়াৰ পাছপ’র্টৰ স্থান হৈছে ৫০ নম্বৰ ৷ এই পাছপ’র্টৰ জৰিয়তে ১১৯ খন দেশত সহজে প্ৰৱেশ কৰিব পৰা যায়। চীনে ৮০ খন দেশত প্ৰৱেশৰ সুবিধাৰে ৬৯ নম্বৰ স্থান লাভ কৰে ৷ আনহাতে, ভাৰতৰ পাছপ’ৰ্টৰ স্থান হৈছে ৮৭ নম্বৰ ৷ এই ৰেংকিঙত আটাইতকৈ নিম্ন স্থানত আছে আফগানিস্তানৰ পাছপ’ৰ্ট ৷ আফগানিস্তানৰ পাছপ’র্টৰ সহায়ত মাত্ৰ ২৭ খন দেশতহে প্ৰৱেশ কৰিব পাৰে ৷
ইউৰোপৰ আধিপত্য ক্ৰমান্বয়ে কমি আহিছে এতিযদিও জাৰ্মানীয়ে এতিয়াও দক্ষিণ কোৰিয়াৰ পিছতে স্থান লাভ কৰিছে । শেহতীয়া ৰেংকিঙত প্ৰকাশ পোৱা অনুসৰি ব্ৰিটেইনৰ পাছপ’র্টৰৰে ১৮৭ খন দেশত প্ৰৱেশৰ সুবিধা লাভ কৰিব পৰা যায় ৷ ব্ৰিটেইনৰ স্থান হৈছে ষষ্ঠ ৷ আনহাতে আমেৰিকাই ১৮৬ নম্বৰ লাভ কৰি সপ্তম স্থানত আছে।