শেহতীয়াকৈ পোৱা খবৰ অনুসৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ঘূৰ্ণীবতাহৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ আৰু সংশ্লিষ্ট সংস্থাসমূহৰ প্ৰস্তুতিৰ বিষয়ে পৰ্যালোচনা কৰিবলৈ এক এক উচ্চ পৰ্যায়ৰ বৈঠকত সভাপতিত্ব কৰে৷
বংগোপসাগৰৰ নিম্ন চাপৰ এলেকা সমূহত ঘূৰ্ণীবতাহ জাৱাড় তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে যি শনিবাৰে ৰাতিপুৱা উত্তৰ অন্ধ্ৰ প্ৰদেশ আৰু দক্ষিণ উৰিষ্যা উপকূলত আক্ৰমণ কৰাৰ সম্ভাৱনা আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আইএমডি) জানিবলৈ দিয়া মতে বৃহস্পতিবাৰে নিশা বিশাখাপট্টনমৰ পৰা প্ৰায় ৭৭০ কিলোমিটাৰ দক্ষিণ-পূবত বংগোপসাগৰৰ ওপৰত কেন্দ্ৰীভূত হৈ থকা এই জাৱাড় উত্তৰ-পশ্চিম দিশে আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে।
উৰিষ্যা, অন্ধ্ৰ প্ৰদেশ আৰু পশ্চিম বংগৰ বহু ঠাইত অত্যাধিক বৰষুণ হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত আইএমডিয়ে সেই অঞ্চল সমূহৰৰ থিয় হৈ থকা শস্য, বিশেষকৈ ধানৰ সাম্ভাৱ্য ক্ষতিৰ বিষয়ে সতৰ্কবাণী জাৰি কৰিছে।
উৰিষ্যা চৰকাৰে ঘূৰ্ণীবতাহ জাৱাড়ৰ পৰা উদ্ভৱ হোৱা প্ৰতিকূল প্ৰভাৱ প্ৰতিহত কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে। বিশেষ সাহায্য আয়ুক্ত প্ৰদীপ কুমাৰ জেনাই কয় যে চৰকাৰে উপকূলীয় জিলাসমূহত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এনডিআৰএফ), ৰাজ্যিক অগ্নি নিৰ্বাপক সেৱা আৰু উৰিষ্যা দুৰ্যোগ দ্ৰুত কাৰ্য বাহিনী (ওডিআৰএএফ)কে ধৰি ২৬৬ টা দল মোতায়েন কৰাৰ পৰিকল্পনা কৰিছে।ৰাজ্য চৰকাৰ আগন্তুক পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ প্ৰস্তুত হৈ উঠিছে আৰু ১৪ খন উপকূলীয় জিলাক সতৰ্ক কৰি দিয়াৰ লগতে আসন্ন ঘূৰ্ণীবতাহৰ প্ৰতি লক্ষ্য ৰাখি সকলো প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ কোৱা হৈছে” ।
আনহাতে “আসন্ন ঘূৰ্ণীবতাহ ‘জাৱাড়’ৰ বাবে প্ৰচুৰ সাৱধানতা অৱলম্বন কৰি ৩ ডিচেম্বৰ ২০২১ ৰ পৰা ৫ ডিচেম্বৰ, ২০২১ লৈকে উৰিষ্যা আৰু চিলিকা হ্ৰদৰ সমগ্ৰ উপকূলত মাছ ধৰা কাৰ্যকলাপ সীমিত কৰাৰ প্ৰয়োজন আছে,” বুলি মীন পালন আৰু এআৰডি বিভাগে এক নিৰ্দেশত কয়।