জয়মালা অসমৰ এজনী পোহনীয়া হাতী ৷ কিন্তু পশু অধিকাৰ সংগঠন ‘পেটা’ৰ এক অভিযোগৰ পিছতে এই কথা পোহৰলৈ আহিছে যে বৰ্তমান তামিলনাডুত থকা জয়মালাক মাউতে নিৰ্মম অত্যাচাৰ কৰাৰ বাবেই এতিয়া মৃত্যুৰ সৈতে যুঁজ দি আছে জয়মালাই ৷তামিলনাডুৰ এটা মন্দিৰৰ কাষত জয়মালাৰ মৃত্যুকাতৰ চিঞৰে কঁপাইছে প্ৰতিজন হৃদয়বান লোকৰ বুকু ৷ এই ঘটনা পোহৰলৈ অহাৰ পিছতে সমগ্ৰ দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ আনহাতে এই নিষ্ঠুৰ ঘটনাক লৈ সৰৱ হৈ উঠিছে দেশৰ সংবাদ মাধ্যম সমূহো ৷
পশু অধিকাৰ সংগঠন পেটা (PETA)ৰ এক অভিযোগৰ পিছতে পোহৰলৈ আহিছে জয়মালাৰ ওপৰত মাউতে কৰা অত্যাচাৰৰ একক নিৰ্মম ছবি ৷পেটাই দাবী কৰা অনুসৰি দহ বছৰতকৈও অধিক সময় ধৰি জয়মালা শ্ৰীভিলিপুথুৰ নাচিয়াৰ তিৰুকোভিলৰ এটা মন্দিৰৰ কাষত আছিল ৷ আনহাতে কৃষ্ণ কোভিল মন্দিৰৰ কাষতো মাজে মাজে দেখা গৈছিল জয়মালাক ৷ কিন্তু হাতীজনীক প্ৰতিদেনেই নৃশংস অত্যাচাৰ চলাই মাউতটোৱে ৷ সেয়েহে পশু অধিকাৰ সংগঠন পেটাই শেহতীয়াকৈ সামাজিক মাধ্যমত এই কথা কৈ অভিযোগ উত্থাপন কৰিছে ৷ সংস্থাটোৱে জয়মালাৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে য’ত জয়মালাৰ ভৰিত মাউতটোৱে নিৰ্মমভাৱে প্ৰহাৰ কৰা দেখা গৈছে আৰু এই অত্যাচাৰ সহ্য কৰিব নোৱাৰি অকাশ বতাহ কঁপাই চিঞৰ মাৰিছে জয়মালা নামৰ অসমৰ পোহনীয়া হাতীজনীয়ে ৷
এতিয়া লক্ষণীয় হ’ব যে পেটাৰ এই চেষ্টাৰ পিছত কি ব্যৱস্থা লোৱা হ’ব নিৰীহ প্ৰাণীৰ দুখ নুবুজা এই নিষ্ঠুৰ মাউতৰ বিৰুদ্ধে ! পুনৰ আগৰদৰেই মুকলিকৈ জীয়াই থাকিব পাৰিবনে অসমৰ জয়মালাই ?