দেশৰ ভিতৰত সর্বাধিক বাল্যবিবাহ সম্পন্ন হয় ঝাৰখণ্ডত ৷ কেন্দ্ৰীয় চৰকাৰে চলোৱা এক সমীক্ষাত পোহৰলৈ আহিছে এই তথ্য ৷ ঝাৰখণ্ডত বাল্যবিবাহৰ হাৰ ৰাষ্ট্ৰীয় হাৰতকৈয়ো অধিক ৷ গৃহ মন্ত্ৰালয়ৰ মহাপঞ্জীয়ক আৰু লোকপিয়ল আয়ুক্তৰ কাৰ্যালয়ে প্ৰকাশ কৰা সমীক্ষা অনুসৰি ঝাৰখণ্ডত বিবাহৰ উপযুক্ত বয়স অতিক্ৰম কৰাৰ পূর্বেই বিবাহপাশত আবদ্ধ হোৱা মহিলাৰ শতকৰা হাৰ হৈছে ৫.৮ পৰ্যন্ত। যিসময়ত ১৮ বছৰ বয়স পোৱাৰ পূৰ্বে বিবাহত আৱদ্ধ হোৱা মহিলাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত শতকৰা হাৰ হৈছে ১.৯ ৷ ঝাৰখণ্ডত গ্ৰামাঞ্চলত বাল্য বিবাহৰ হাৰ ৭.৩ শতাংশ ৷ ইয়াৰ বিপৰীতে চহৰ অঞ্চলত এই হাৰ হৈছে তিনি শতাংশ ৷ নমুনা পঞ্জীয়ন ব্যৱস্থা (এছ আৰ এছ) পৰিসংখ্যা প্ৰতিবেদনত প্ৰায় ৮৪ লাখ লোকক নমুনা হিচাপে লৈ এই জৰীপ সম্পন্ন কৰা হয় ৷ ২০২০ চনত এই সমীক্ষা চলোৱা হৈছিল আৰু যোৱা মাহৰ শেষৰ ফালে প্ৰকাশ পাইছিল প্ৰতিবেদন।
সমীক্ষাটোত উল্লেখ কৰা অনুসৰি পশ্চিমবংগত ৫৪.৯ শতাংশ ছোৱালীয়ে ২১ বছৰ বয়সত উপনীত হোৱাৰ পূৰ্বে বিবাহপাশত আবদ্ধ হয় ৷ ইয়াৰ বিপৰীতে ৰাষ্ট্ৰীয় গড় শতকৰা হাৰ হৈছে ২৯.৫ শতাংশ ৷ আনহাতে ঝাৰখণ্ডত এই হাৰ হৈছে ৫৪.৬ শতাংশ।
ইফালে, এনচিআৰবিৰ মতে, ঝাৰখণ্ডত “ডাইনী”ৰ সন্দেহত ২০১৫ চনত ৩২ জন, ২০১৬ চনত ২৭ জন, ২০১৭ চনত ১৯ জন, ২০১৮ চনত ১৮ জন, ২০১৯ আৰু ২০২০ চনত ১৫ জনকৈ লোকক হত্যা কৰা হৈছিল।