নাইনিতাল উচ্চ ন্যায়ালয়ে ব্যৱসায়িক উদ্দেশ্যত হাতী ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল। পাঁচ বছৰ পূৰ্বে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান আৰু ৰাজাজী ৰাষ্ট্ৰীয় উদ্যানত হাতী ছাফাৰী বন্ধ কৰি দিয়া হৈছিল। কিন্তু এই ছাফাৰী পুনৰ মুকলি কৰা হ’ব। শনিবাৰে কৰবেট টাইগাৰ ফাউণ্ডেশ্যনৰ বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে।
শনিবাৰে অনুষ্ঠিত হোৱা বৈঠকত উত্তৰাখণ্ডৰ বনমন্ত্ৰী সুবোধ উনিয়াল কৰবেট টাইগাৰ ফাউণ্ডেশ্যনৰ সৈতে উপস্থিত থাকে। এই প্ৰসংগত সুবোধে কয় যে সকলো নিয়ম মানি হাতী ছাফাৰী মুকলি কৰা হ’ব। তেওঁকয় , “পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতিটো নিয়মৰ ব্যাখ্যা বেলেগ বেলেগ হ’ব পাৰে। অৱশ্যে হাতী ছাফাৰী আৰম্ভ কৰিলে ৰাজ্যৰ ইক’ টুৰিজিমৰ বাবে উপকাৰী হ’ব।”
এপ্ৰিল মাহৰ ভিতৰত পৰ্যটকে কৰবেট ৰাষ্ট্ৰীয় উদ্যান আৰু ৰাজাজী ৰাষ্ট্ৰীয় উদ্যানত হাতী পিঠিৰ ছাফাৰীৰ অভিজ্ঞতা লাভ কৰিব পাৰিব। এই সিদ্ধান্ত লোৱা হৈছে যে অহা দুসপ্তাহৰ ভিতৰত দুখন ৰাষ্ট্ৰীয় উদ্যানত হাতী ছাফাৰী আৰম্ভ কৰা হ’ব।