VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দ্বিতীয় দিনা গ্ৰন্থপ্ৰেমীৰ সমাৱেশত জীপাল অসম গ্ৰন্থমেলা, গুৱাহাটী

গ্ৰন্থঃ এক বৌদ্ধিক সম্পদ, আনন্দ আৰু অন্বেষণ শীৰ্ষক আলোচনা সত্ৰ

voicedesk by voicedesk
December 30, 2022
in মুখ্য সংবাদ
দ্বিতীয় দিনা গ্ৰন্থপ্ৰেমীৰ সমাৱেশত জীপাল অসম গ্ৰন্থমেলা, গুৱাহাটী
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী, ৩০ ডিচেম্বৰঃ আজি দ্বিতীয় দিনা গ্ৰন্থপ্ৰেমীৰ সমাৱেশে জীপাল কৰি তোলে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌভভাৱে চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থমেলা, গুৱাহাটী ৷ বিশিষ্ট লেখক-সাহিত্যিক আৰু পাঠকৰ উপস্থিতিয়ে এই গ্ৰন্থোৎসৱক শুৱনি কৰে ৷ আজি দ্বিতীয় দিনাৰ পৰাই আৰম্ভ হোৱা কিতাপ বিক্ৰীৰ হাৰে প্ৰকাশন গোষ্ঠীসমূহৰ মাজতো আশাৰ সঞ্চাৰ কৰিছে ৷

উল্লেখ্য যে আজি বিয়লি ১ বজাত অসম প্ৰকাশন পৰিষদে আয়োজন কৰে “গ্ৰন্থঃ এক বৌদ্ধিক সম্পদ, আনন্দ আৰু অন্বেষণ” শীৰ্ষক এখনি গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ ৷ আলোচনা সত্ৰখন সঞ্চালনা কৰি বিশিষ্ট কলা-সমালোচক, লেখক উৎপল দত্তই গ্ৰন্থ বাছনি আৰু পঠনৰ অভ্যাস সম্পৰ্কে বক্তব্য প্ৰদান কৰি কয়—“গ্ৰন্থৰ বাছনি সঠিক হ’লে পঢ়াৰ অভ্যাস সুন্দৰকৈ গঢ় লয় ৷ বিদ্যালয় পৰ্যায়ৰ পৰাই এই অভ্যাস গঢ়ি তুলিব পাৰি ৷ আকৰ্ষণীয় আৰু আনন্দ দিব পৰা কিতাপে পাঠক গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷

এই প্ৰক্ৰিয়াৰে লাহে লাহে পাঠকে “চিৰিয়াছ” গ্ৰন্থ নিজেই বাছনি কৰিবলৈ আগ্ৰহী হৈ উঠে ৷ তেতিয়াই কিতাপৰ বিষয়ক লৈ নতুন চিন্তাৰ দুৱাৰ মনৰ মাজতে মুকলি হয় আৰু জীৱন অন্বেষণ , দৰ্শন আহৰণ আদিয়ে পঢ়ুৱৈক বৌদ্ধিকভাৱে সমৃদ্ধ কৰে ৷” সঞ্চালক দত্তই কিতাপক বৌদ্ধিক সম্পদলৈ উত্তৰিত কৰিবলৈ হ’লে গভীৰ অধ্যয়নৰ জৰিয়তে গ্ৰন্থৰ সাৰ কথা মন্থন কৰিব লাগিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগ বঢ়ায় ৷ গুৱাহাটী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিচালনাত সহযোগিতা আগ বঢ়োৱা এই আলোচনা সত্ৰখন উদ্বোধন কৰে মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড° স্মৃতিৰেখা ভূঞাই ৷ তেওঁ কয় যে ডিজিটেল যুগে গ্ৰন্থ আৰু অধ্যয়নৰ প্ৰক্ৰিয়াটোকে সলনি কৰি দিবলৈ ওলোৱাৰ সময়ত অসম প্ৰকাশন পৰিষদে এনে এটা বিষয়ক লৈ আলোচনা সত্ৰ অনুষ্ঠিত কৰাটো আশাৰ বতৰা ৷

আলোচনা সত্ৰখনত অতিথি আলোচকৰূপে অংশগ্ৰহণ কৰি বিশিষ্ট লেখক ড° বিৰিঞ্চি কুমাৰ দাসে কয় যে গ্ৰন্থত কি অন্বেষণ কৰা হয় আৰু কি বিষয়ে পাঠকক আনন্দ দিয়ে সেয়া গুৰুত্বপূৰ্ণ বিষয় ৷ কিতাপৰ জৰিয়তে বৌদ্ধিক কছৰৎ হ’লে এয়া সম্পদত পৰিণত হ’য় ৷ আন এগৰাকী অতিথি আলোচক সমীৰ শাণ্ডিল্যই গ্ৰন্থক বৌদ্ধিক সম্পদ বুলি উল্লেখ কৰি অধ্যয়নে মনৰ দিগন্ত মুকলি কৰে বুলি কয় ৷ তেওঁ ভাল কিতাপ , বেয়া কিতাপ , পঢ়িবলগীয়া আৰু অপঠনীয় কিতাপ নিৰ্বাচনত সতৰ্ক হোৱা প্ৰয়োজন বুলিও কয় ৷ শাণ্ডিল্যৰ মতে গ্ৰন্থ অধ্যয়ন নিজকে আৱিষ্কাৰ আৰু পুণৰ আৱিষ্কাৰৰ এক যাত্ৰা ৷ আলোচনা সত্ৰখনত অতিথি আলোচকৰূপে অংশগ্ৰহণ কৰি ড° অনন্যা হিলৈদাৰী, ধৃজ্যোতি কলিতা, দিব্যজ্যোতি শৰ্মায়ো বিষয় প্ৰসংগত মতামত প্ৰকাশ কৰি বক্তব্য আগ বঢ়ায় ৷

Previous Post

ৰঞ্জিত পাটগিৰিৰ কাব্যগ্ৰন্থ ‘ছেফটিপিন’ উন্মোচন

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7