তিনিটা দশকৰ পাছত জম্মুত পুনৰ চিনেমাৰ সোৱাদ ল’ব পাৰিব ইয়াৰ বাসিন্দাসকলে ৷ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বাবে চিনেমাহল সমূহ বন্ধ হৈ পৰা জম্মুত তিনি দশকৰ পাছত পুনৰ আজি মুকলি কৰা হৈছে মাল্টিপ্লেক্স ৷ জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাই মঙলবাৰে শ্ৰীনগৰত এই মাল্টিপ্লেক্স উদ্বোধন কৰে। বহু প্ৰত্যাশিত উদ্বোধনী অনুষ্ঠানত সিনহাই কয় যে প্ৰতিখন জিলাতে চিনেমা হল মুকলি হ’ব।
ইনক্স মাল্টিপ্লেক্স নামৰ এই মাল্টিপ্লেক্সটো সম্পূৰ্ণ হ’বলৈ পাঁচ বছৰ সময়ৰ প্ৰয়োজন হৈছিল ৷ মাল্টিপ্লেক্সটোৰ মুঠ আসনৰ ক্ষমতা হৈছে ৫২০ ৷ ইয়াৰ মালিক হৈছে শ্ৰীনগৰৰ এটা কাশ্মীৰী পণ্ডিত ব্যৱসায়িক পৰিয়াল। আমিৰ খান অভিনীত লাল সিং চাদ্দা উদ্বোধনী অনুষ্ঠানৰ সময়ত মাল্টিপ্লেক্সটোত প্ৰদৰ্শিত হোৱা প্ৰথমখন বলীউড চিনেমা।
যোৱা সপ্তাহত সিনহাই পুলৱামা আৰু শ্বোপিয়ানত মাল্টিপ্লেক্স চিনেমা হল উদ্বোধন কৰিছিল আৰু ইয়াক “ঐতিহাসিক দিন” বুলি অভিহিত কৰিছিল। উল্লেখ্য যে নব্বৈৰ দশকত জম্মু কাশ্মীৰত চিনেমা হলসমূহ বন্ধ হৈ পৰিছিল। ১৯৯৯ চনত এই ছবিগৃহ সমূহ পুনৰুজ্জীৱনৰ বাবে প্ৰচেষ্টা চলোৱা হৈছিল ৷
শ্ৰীনগৰত চিনেমা নীলাম, ৰিগাল আৰু ব্ৰডৱে মুকলি হোৱাৰ লগে লগে উগ্ৰপন্থীৰ দ্বাৰা চলোৱা আক্ৰমণত এজন লোকৰ মৃত্যু হয় ৷ নতুনকৈ মুকলি কৰা মাল্টিপ্লেক্সটোত ৩০ ছেপ্টেম্বৰৰ পৰা নিয়মীয়া শ্ব’ আৰম্ভ কৰা হ’ব।