সংবিধানৰ ৩৭০ নং অনুচ্ছেদ বাতিল হোৱাৰ পিছত জম্মু-কাশ্মীৰত ভোটাৰ তালিকা প্ৰস্তুতি আৰু সমষ্টিৰ পুনৰ নির্ধাৰণৰ কাম দ্ৰুতগতিত আগবাঢ়িছে ৷ প্ৰথমবাৰৰ বাবে নিৰ্বাচনী তালিকাৰ বিশেষ সাৰাংশ সংশোধনৰ পিছত জম্মু-কাশ্মীৰত বহিঃৰাজ্যৰ লোককে ধৰি প্ৰায় ২৫ লাখ অতিৰিক্ত লোকে ভোটাধিকাৰ লাভ কৰাৰ সম্ভাৱনা আছে বুলি শেহতীয়াকৈ মুখ্য নিৰ্বাচনী বিষয়া হিৰ্দেশ কুমাৰে প্ৰকাশ কৰিছে ৷ কুমাৰৰ এই ঘোষণাৰ পাছতে প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা আৰু মেহবুবা মুফতিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ ২৫ নৱেম্বৰৰ ভিতৰত নিৰ্বাচনী তালিকাৰ বিশেষ সাৰাংশ পুনৰীক্ষণ সম্পূৰ্ণ কৰাৰ বাবে চলি থকা কচৰতক “প্ৰত্যাহ্বানমূলক কাম” বুলি অভিহিত কৰে কুমাৰে।
মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে সাংবাদিকৰ আগত কয় যে ২০২২ চনৰ ১ অক্টোবৰত বা তাৰ আগতে ১৮ বছৰ বয়স সম্পূর্ণ হোৱা ভোটাৰকে ধৰি সকলো যোগ্য ভোটাৰক অন্তভুর্ক্ত কৰি শুদ্ধ চূড়ান্ত তালিকা প্ৰদান কৰাটো নিশ্চিত কৰাৰ বাবে এই বৃহৎ অনুশীলন অব্যাহত আছে ৷
শেহতীয়াকৈ নিৰ্বাচন আয়োগে নিৰ্ধাৰিত কৰি দিয়া সময় অনুসৰি অহা ১৫ ছেপ্টেম্বৰত এক সংহত খচৰা নিৰ্বাচনী তালিকা প্ৰকাশ কৰা হ’ব ৷ আনহাতে দাবী আৰু আপত্তি দাখিলৰ সময়সীমা ১৫ ছেপ্টেম্বৰৰ পৰা ২৫ অক্টোবৰৰ ভিতৰত নিৰ্ধাৰণ কৰা হৈছে ৷ অহা ১০ নৱেম্বৰৰ ভিতৰত এই দাবী আৰু আপত্তিসমূহ নিষ্পত্তি কৰা হ’ব ৷
কুমাৰে কয় যে ভোটাৰ হ’বলৈ এজন ব্যক্তিৰ জম্মু-কাশ্মীৰৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন নাই।তেওঁ কয় -“কৰ্মচাৰী, ছাত্ৰ, শ্ৰমিক বা বাহিৰৰ পৰা অহা যিকোনো ব্যক্তিয়ে যিসকলে সাধাৰণতে জম্মু-কাশ্মীৰত বসবাস কৰি আছে ৷ তেওঁ নিজৰ নাম ভোটিং তালিকাত তালিকাভুক্ত কৰিব পাৰে। নথি-পত্ৰসমূহ সংশ্লিষ্ট চৰকাৰী বিষয়াসকলে নিৰীক্ষণ কৰিব আৰু সিদ্ধান্ত গ্ৰহণ কৰিব ৷ তেওঁ কয় যে পূৰ্বৰ দৰেই নিৰাপত্তা বাহিনীত কাম কৰা আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাহিৰত কর্মৰত জম্মু-কাশ্মীৰৰ বাসিন্দাসকলে ডাক বেলটৰ সুবিধা লাভ কৰিব পাৰে।