ৰাজ্যৰ সাহিত্যৰ ক্ষেত্ৰখনলৈ আন এক সুখবৰ ৷ স্বনামধন্য সাহিত্যিক বীৰেন্দ্ৰ কুমাৰ ভট্টচার্য আৰু মামণি ৰয়ছম গোস্বামীৰ পাছত সাহিত্যৰ সর্বোচ্চ সন্মান জ্ঞানপীঠ বটাঁৰে সন্মানিত কৰা হৈছে কাব্যঋষি নীলমনি ফুকনক ৷ এখনৰ পাছত আন এখন কাব্যগ্ৰন্থৰে অসমীয়া সাহিত্য জগতক সমৃদ্ধ কৰি অহা ফুকনক এই সন্মান প্ৰদানৰ কথা আজি ঘোষণা কৰিছে ভাৰতীয় জ্ঞানপীঠে ৷
১৯৩৩ চনত গোলাঘাটৰ ডেৰগাওঁত জন্মগ্ৰহণ কৰা কবিগৰাকীয়ে ইতিমধ্যে কেইবাটাও সন্মানেৰে সন্মানিত হৈছে ৷ ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মান প্ৰদান কৰা ফুকনে সাহিত্য অকাদেমিৰ ফেল’শ্বিপ, অসম সাহিত্য উপত্যকা বটাঁ আদিৰ দৰে উল্লেখনীয় সন্মান লাভ কৰিছে ৷ তেওঁৰ উল্লেখযোগ্য সৃষ্টিৰাজী হৈছে-সূর্য হেনো নামি আহে এই নদীয়েদি, মানস প্ৰতিমা , ফুলি থকা সূর্যমুখী ফুলটোৰ ফালে,কবিতা, গোলাপী জামুৰ লগ্ন , জাপানী কবিতা আদি