দেশৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান জৱহৰলাল নেহৰু বিশ্বিদ্যালয়(জে এন ইউ)ত প্ৰথমগৰাকী মহিলা উপাচার্য নিযুক্তি দিয়া হৈছে ৷ শান্তিশ্ৰী ধুলিপুড়ি পণ্ডিত হ’ব বিশ্ববিদ্যালয়খনৰ প্ৰথম মহিলা উপাচার্য ৷ সোমবাৰে শিক্ষা মন্ত্ৰালয়ে তেওঁক শীৰ্ষ পদত নিযুক্তি প্ৰদান কৰিছে ৷ পণ্ডিত বৰ্তমান মহাৰাষ্ট্ৰৰ সাবিত্ৰীবাই ফুলে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য। ৫৯ বছৰীয়া পণ্ডিত জেএনইউৰ এগৰাকী প্ৰাক্তন ছাত্ৰী য’ত তেওঁ এমফিল ডিগ্ৰীৰ লগতে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বিষয়ত পি এইচ ডি কৰিছিল।ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ইতিমধ্যে নিযুক্তিত অনুমোদন দিয়া শান্তিশ্ৰী ধুলিপুড়ি পণ্ডিতৰ কার্যকাল হ’ব পাঁচ বছৰ ৷ পণ্ডিতে ১৯৮৮ চনত গোৱা বিশ্ববিদ্যালয়ৰ পৰা শিক্ষকতা জীৱন আৰম্ভ কৰিছিল আৰু ১৯৯৩ চনত পুনে বিশ্ববিদ্যালয়ত যোগদান কৰে । তেওঁ বিভিন্ন শৈক্ষিক সংস্থাত প্ৰশাসনিক পদত অধিষ্ঠিত হৈছে। তেওঁ বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউজিচি), ভাৰতীয় সামাজিক বিজ্ঞান গৱেষণা পৰিষদ (আইচিএছএছআৰ)ৰ সদস্য হিচাপেও কার্যনিবাহ কৰিছে