দেশৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান জৱহৰলাল নেহেৰু বিশ্ববিদ্যালয়(জে এন ইউ )ত নামভর্ত্তিৰ ক্ষেত্ৰত আগন্তুক শিক্ষা বর্ষৰ পৰা সলনি হ’ব পদ্ধতি ৷ বিশ্ববিদ্যালয়খনত নামভর্ত্তি কৰিব বিচৰা শিক্ষার্থীসকলে অৱতীর্ন হ’ব লাগিব ‘কমন ইউনিভার্চিটি এন্ট্ৰেন্স টেষ্ট ‘ (চি ইউ ই টি )ত৷ বিশ্ববিদ্যালয়খনৰ প্ৰশাসনে বুধবাৰে ইয়াৰ শৈক্ষিক পৰিষদৰ বৈঠকত ২০২২-২০২৩ বৰ্ষৰ পৰা এই প্ৰৱেশ পৰীক্ষাৰ জৰিয়তে ইয়াৰ বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তি কৰাৰ সিদ্ধান্ত লয়। সঞ্চালক জয়ন্ত ত্ৰিপাঠীয়ে এখন জাননীৰ জৰিয়তে কয় যে ‘কমন ইউনিভার্চিটি এন্ট্ৰেন্স টেষ্ট ‘ (চি ইউ ই টি ) অনুষ্ঠিত কৰাৰ প্ৰস্তাৱত বৈঠকখনত সকলোৱে সমর্থন কৰিছে ৷
শৈক্ষিক পৰিষদৰ বৈঠকত বিদ্যালয় ডীন, কেন্দ্ৰৰ অধ্যক্ষ আৰু পৰিষদৰ সদস্যসহ বৃহৎ সংখ্যক সদস্যই মতপোষণ কৰে যে ‘কমন ইউনিভার্চিটি এন্ট্ৰেন্স টেষ্ট ‘ (চি ইউ ই টি )-এ সমগ্ৰ দেশৰ অসংখ্য যোগ্য শিক্ষাৰ্থীক এক সমান মাত্ৰা প্ৰদান কৰিব ৷ যাৰ ফলত কেইবাটাও প্ৰৱেশ পৰীক্ষাত অৱতীর্ন হোৱাৰ শিক্ষার্থীসকলৰ বোজা হ্ৰাস পাব ৷ উল্লেখ্য যে সকলো কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত‘কমন ইউনিভার্চিটি এন্ট্ৰেন্স টেষ্ট ‘ (চি ইউ ই টি ) কাৰ্যকৰী কৰাৰ বাবে জোৰ দিয়া হৈছে । দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰশাসনেও ইতিমধ্যে ঘোষণা কৰিছে যে তেওঁলোকে ২০২২-২০২৩ বর্ষৰ পৰা ইয়াৰ জৰিয়তে স্নাতক শাখাত নামভর্ত্তি কৰিব।