পুনৰ বিতর্কৰ আৱর্তত সোমাই পৰিছে দেশৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান জৱহাৰলাল নেহেৰু বিশ্ববিদ্যালয়(জে এন ইউ)৷ বিশ্ববিদ্যালয়খনৰ শিক্ষার্থীসকলৰ বাবে প্ৰকাশ কৰা এখন জাননীৰ বাবে বিতর্কত সোমাই পৰিছে জে এন ইউ ৷ দেশজুৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হোৱা এই জাননীখনত এইদৰে উল্লেখ কৰা হৈছে -‘ছোৱালীসকলে তেওঁলোক আৰু তেওঁলোকৰ পুৰুষ বন্ধুৰ মাজত কিদৰে এডাল স্পষ্ট ৰেখা অংকন কৰিব লাগে সেয়া জনা উচিত ৷‘বিশ্ববিদ্যালয়ৰ ৱেবছাইটত আভ্যন্তৰীণ অভিযোগ সমিতি(আইচিচি)-এ আপলোড কৰিছে এই জাননী ৷ তদুপৰি এই বিষয়টোৰ লগতে যৌন নিৰ্যাতন সম্পৰ্কীয় সমস্যাসমূহ সমাধানৰ বাবে কাউন্সেলিঙৰ আয়োজন কৰা হ’ব বুলিও জাননীখনত উল্লেখ কৰা হৈছে ৷
‘কাউন্সেলিং ছেছনৰ কিয় প্ৰয়োজন’ শীর্ষক এই জাননীৰ জৰিয়তে শিক্ষাৰ্থীসকলক যৌন নিৰ্যাতন সন্দর্ভত সজাগ কৰি তোলাই লক্ষ্য বুলি প্ৰকাশ কৰা হৈছে ৷ যিসকল শিক্ষাৰ্থীক আৰম্ভনিতে এই সন্দর্ভত পৰামর্শ প্ৰদান কৰা হৈছিল, সেই শিক্ষার্থীসকলকো পুনৰ সময়ে সময়ে পুনৰ এনে কার্যসূচীত অংশগ্ৰহণ কৰিবলৈ নির্দেশ দিছে ৷
অৱশ্যে, এই জাননীখনক লৈ কেইবাটাও ছাত্ৰ আৰু শিক্ষক সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃ্ষ্টি কৰিছে ৷ সংগঠনসমুহে একেমুখে এই জাননীক গৰিহণা দিছে ৷ শিক্ষাৰ্থী আৰু শিক্ষকসকলে মতপোষণ কৰিছে যে এই জাননীৰ জৰিয়তে যৌন নির্যাতনৰ দৰে গম্ভীৰ সমস্যাক তুচ্ছ্য কৰাৰ লগতে ইয়াক ‘ধেমালি’লৈ পর্যবসিত কৰিছে ৷ একেখন জাননীতে কোৱা হৈছে যে ল’ৰাসকলে সচৰাচৰ বন্ধুত্বৰ ধেমালি আৰু যৌন নিৰ্যাতনৰ মাজৰ সীমা অতিক্ৰম কৰে ৷তদুপৰি এই জাননী প্ৰত্যাহাৰৰ দাবীৰে বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে ৷
ইফালে, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ অভিযোগ সমিতিয়ে (আইচিচি) জাৰি কৰা জাননীত উল্লেখ কৰা হৈছে যে যিকোনো ধৰণৰ যৌন নিৰ্যাতনৰ ঘটনাৰ প্ৰতি তেওঁলোকে শূণ্য সহনশীলতা নীতি গ্ৰহণ কৰি আহিছে আৰু এনে ধৰণৰ ঘটনা হ্ৰাস কৰাৰ বাবে কাউন্সেলিং ছেছনৰ আয়োজন কৰা হৈছে ৷