অসমৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতী সকললৈ আশাৰ বতৰা কঢ়িয়াই আনিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে।
ক’ভিড পৰিস্থিতিৰ সৈতে কঠিন প্ৰত্যাহ্বানেৰে মোকাবিলা কৰি চৰকাৰখনে বহুতো জনকল্যাণমূলক আঁচনি হাতত লৈছে। এই ক্ষেত্ৰত চৰকাৰে প্ৰতিগৰাকী নাগৰিকৰ সমস্যা সমাধান তথা জনতাক প্ৰদান কৰা প্ৰতিশ্ৰুতিসমূহ পালন কৰিবলৈ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে।
চৰকাৰে গ্ৰহণ কৰা সকলোবোৰ পদক্ষেপৰ ভিতৰত এটা অতি গুৰুত্বপূৰ্ণ পদক্ষেপ হৈছে নিবনুৱা সমস্যা সমাধান। এইবাৰৰ বাজেটত ধার্য কৰা অনুসৰি চৰকাৰখনে ১লাখ ৪৩ হাজাৰ খালী পদ পূৰণ কৰিব।
প্ৰতিশ্ৰুতি অনুসৰি সম্পূৰ্ণ স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে বিভিন্ন বিভাগত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ ইতিমধ্যে সাজু হৈছে চৰকাৰখন। ১ ছেপ্টেম্বৰৰ পৰা হ’বলগীয়া এই নিযুক্তি প্ৰক্ৰিয়াৰ বাবে কোনটো বিভাগত কিমান খালী পদ আছে তাৰ তালিকা ইতিমধ্যে প্ৰকাশ কৰা হৈছে।
যদিহে অসম চৰকাৰৰ এই নিযুক্তি প্ৰক্ৰিয়া সফলতাৰে সম্পূৰ্ণ হয় তেতিয়া অসমৰ লাখ লাখ শিক্ষিত যুৱক যুৱতীৰ সপোন বাস্তৱত পৰিণত হব । অশেষ আগ্ৰহেৰে চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়ালৈ বাট চাই থকা লাখ লাখ যুৱক যুৱতীৰ অপেক্ষা মাত্ৰ আৰু কেইটামান মুহূৰ্ত অৰ্থাৎ ১ চেপ্টেম্বৰলৈ।