টাইৱানকলৈ আমেৰিকাৰ ওপৰত খড়্গহস্ত হৈ পৰিছে চীন। টাইৱানৰ স্বাধীনতাৰ বাবে উৎসাহিত কৰি অহাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনক একপ্ৰকাৰ সকীয়নী প্ৰদান কৰিলে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে ।
দুয়োখন দেশৰ সম্পৰ্ক শক্তিশালী কৰাৰ বাবে সোমবাৰে ৰাষ্ট্ৰপ্ৰধান দুগৰাকীৰ মাজত অনুষ্ঠিত ভাৰ্চুৱেল এখন বৈঠকত জি জিনপিঙে কয় ,”আমেৰিকাৰ কিছুসংখ্যক ব্যক্তিয়ে চীনৰ ওপৰত নিয়ন্ত্ৰণ কৰিবলৈ টাইৱানক ব্যৱহাৰ কৰিব বিচাৰে।এই ধাৰা অত্যন্ত বিপদজনক আৰু জুইৰ সৈতে খেলা কৰাৰ দৰে হৈছে। যিসকলে জুইৰ সৈতে খেলা কৰে তেওঁলোক ভস্মীভূত হৈ যাব।
“অৱশ্যে টাইৱান সন্দৰ্ভত নিজৰ স্থিতিত অটল হৈ আছে মাৰ্কিন যুক্তৰাষ্ট্ৰ। টাইৱানৰ ওপৰত বেইজিঙৰ ধাৰাবাহিক আগ্ৰাসনৰ বিৰোধিতা কৰি আহিছে আমেৰিকাই ।দুয়োগৰাকী ৰাষ্ট্ৰপ্ৰধানৰ বৈঠকৰ অন্তত এক বিবৃতিত হোৱাইট হাউছে কয় যে টাইৱানৰ স্থিতাবস্থা সলনি কৰি শান্তি সম্প্ৰীতি বিঘ্নিত কৰিব বিচৰা কাৰ্যৰ বিৰোধিতা কৰে আমেৰিকাই।
বিবৃতিত হোৱাইট হাউছে এইবুলিও কয় যে মাৰ্কিন পলিচিৰ অধীনত টাইৱানৰ স্বাধীনতাক অনুপ্ৰাণিত নকৰে বৰঞ্চ দ্বীপটোৰ প্ৰতিৰক্ষা ব্যৱস্থাক হে সমৰ্থন কৰে।এই সন্মিলনৰ সময়ত দুয়ো গৰাকী ৰাষ্ট্ৰ প্ৰধানে টাইৱানক লৈ মুখ্যতঃ আলোচনা কৰে ।তদুপৰি জিনজিয়াঙৰ উত্তৰ পূব প্ৰান্তত হৈ থকা মানৱ অধিকাৰ ৰ উলংঘা হোৱা ঘটনাটো শংকা প্ৰকাশ কৰে বাইডেনে।