ভাৰতৰ লগতে কেইবাখনো ৰাষ্ট্ৰত উলহ মালহেৰে পালন কৰা হয় পোহৰৰ উৎসৱ দীপাৱলী ৷ বগত কেইবা বছৰ ধৰি আমেৰিকাৰ হোৱাইট হাউছত দীপাৱলী উদযাপন কৰি আহিছে ৷ এইবাৰো ইয়াৰ ব্যতিক্ৰম নহ’ল ৷ পূর্বতকৈ অধিক উলহমালহেৰে হোৱাইট হাউছত পালন কৰা হ’ল দীপাৱলী ৷ সোমবাৰে হোৱাইট হাউছে আয়োজন কৰা বর্তমানলৈকে সৰ্ববৃহৎ দীপাৱলী অভ্যৰ্থনা অনুষ্ঠানত বাইডেন প্ৰশাসনৰ কেইবাজনো ভাৰতীয় আমেৰিকান লোকৰ উপস্থিতিও দেখা যায়।
আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে হোৱাইট হাউছত দীপাৱলী উদযাপনৰ বাবে আয়োজন কৰা অভ্যৰ্থনা অনুষ্ঠানত কয়- “আপোনালোকক আতিথ্য দিবলৈ পাই আমি সন্মানিত হৈছো। হোৱাইট হাউছত এতিয়ালৈকে অনুষ্ঠিত হোৱা বৃহৎ পৰিসৰৰ দীপাৱলীৰ এয়াই প্ৰথমটো অভ্যৰ্থনা। “
আমেৰিকা, ভাৰত আৰু সমগ্ৰ বিশ্বত এই পোহৰ উৎসৱ উদযাপন কৰা এক বিলিয়নতকৈও অধিক হিন্দু, জৈন, শিখ, আৰু বৌদ্ধ ধৰ্মাৱলম্বী লোকক দীপাৱলীৰ শুভেচ্ছা জনাই বাইডেনে দীপাৱলী উদযাপনক আনন্দদায়ক কৰি তোলাৰ বাবে আমেৰিকাৰ এছিয়ান আমেৰিকান সম্প্ৰদায়ক ধন্যবাদ জ্ঞাপন কৰে ৷ সমগ্ৰ আমেৰিকাত অবিশ্বাস্য দক্ষিণ এছিয়াৰ সম্প্ৰদায়ে প্ৰদৰ্শন কৰা আশা, সাহস আৰু সহানুভূতিৰ বাবে বাইডেনে ধন্যবাদ জনায়।
তদুপৰি, আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছেও দীপাৱলী উদযাপন উপলক্ষে হোৱাইট হাউছৰ পৰা বক্তব্য আগবঢ়ায়। তেওঁ কয়, “হোৱাইট হাউছ হৈছে জনসাধাৰণৰ ঘৰ আৰু আমাৰ ৰাষ্ট্ৰপতি আৰু প্ৰথম মহিলাই মিলি এই ঠাইখন সজাই তুলিছে য’ত প্ৰতিজন আমেৰিকানে নিজৰ সন্মান আৰু পৰম্পৰা উদযাপন কৰিব পাৰে।”