ইউক্ৰেইনক লৈ বিশ্বৰ দুই শক্তিধৰ ৰাষ্ট্ৰ আমেৰিকা আৰু ৰাছিয়াৰ মাজত সৃষ্টি হৈছে বাক-বিতণ্ডাৰ ৷ ইউক্ৰেইন আক্ৰমণ কৰিবলৈ ব্যাপক সমৰসজ্জাৰে প্ৰস্তুত চলোৱা ৰাছিয়াক বাৰম্বাৰ সকীয়নি প্ৰদান কৰি আহিছে আমেৰিকাই ৷ ইয়াৰ মাজতে দুয়োখন দেশৰ ৰাষ্ট্ৰনেতাই ইউক্ৰেইন সংকটক লৈ আলোচনাত বহিবলৈ সন্মতি প্ৰকাশ কৰিছে ৷ অৱশ্যে এইক্ষেত্ৰত চর্ত বান্ধি দিছে আমেৰিকাই ৷ মস্কোৱে ইউক্ৰেইনৰ ওপৰত আক্ৰমণ নচলালেহে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনৰ সৈতে মিলিত হ’ব অমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন ৷
ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’নৰ দ্বাৰা প্ৰস্তাৱিত সন্মিলনখনত দুয়োগৰাকী নেতাই নীতিগতভাৱে মিলিত হ’বলৈ সন্মতি প্ৰকাশ কৰিছে ৷ বৃহস্পতিবাৰে ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত এই সন্মিলনৰ প্ৰস্তুতি আৰম্ভ হ’ব।উল্লেখ্য যে ৱাশ্বিংটনে প্ৰকাশ কৰা অনুসৰি ৰাছিয়াই ইউক্ৰেইনৰ সীমাত ১,৫০,০০০ তকৈও অধিক সৈন্যৰ সঞ্চালন কৰিছে আৰু আক্ৰমণ কৰিবলৈ সম্পূর্ণ সাজু হৈছে।মস্কোৱে ইয়াৰ চুবুৰীয়া দেশখন আক্ৰমণ কৰাৰ কোনো অভিপ্ৰায় নাই বুলি উল্লেখ কৰি নাটো বাহিনীৰ পৰা ইউক্ৰেইনৰ সদস্যপদৰ আ্হ্বান স্থায়ীভাৱে প্ৰত্যাখ্যান কৰিবলৈ দাবী জনাইছে ৷