প্ৰাক্তন পত্নী এম্বাৰ হাৰ্ডৰ বিৰুদ্ধে মানহানিৰ গোচৰত জয়ী হৈ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে অস্কাৰ বিজয়ী হলিউডৰ অভিনেতা জনী ডেপ ৷ গোচৰটোত জয়লাভ কৰাৰ পাছতে তেওঁ আয়োজন কৰে এক ব্যয়বহুল পার্টীৰ ৷ বন্ধুসকলৰ সৈতে বিশেষ উদযাপনৰ নামত বার্মিংহামৰ এখন ভাৰতীয় ৰেষ্টুৰেণ্টত তেওঁ ব্যয় কৰে ৬২ হাজাৰ ডলাৰ ৷ ভাৰতীয় মূল্যত এই পৰিমাণ হৈছে ৪৮.১ লাখ ৷ ইংলেণ্ডৰ বাৰ্মিংহামত দেওবাৰে সন্ধিয়া ভাৰতীয় ৰেষ্টুৰেণ্টখনত এক বিশেষ আহাৰৰআয়োজন কৰা হয় ৷ ‘পাইৰেটছ অৱ দ্য কেৰিবিয়ান’ তাৰকাগৰাকীক যোৱা বুধবাৰে ভাৰ্জিনিয়াৰ ফেয়াৰফেক্সৰ এখন আদালতে হাৰ্ডৰ বিৰুদ্ধে হোৱা মানহানিৰ গোচৰত ১৫ মিলিয়ন ডলাৰ লাভ কৰিছিল।
৫৮ বছৰীয়া ডেপে ককটেইল আৰু ৰোজ চেম্পেইনৰ সৈতে পৰম্পৰাগত ভাৰতীয় খাদ্য গ্ৰহণ কৰে ৷ তেওঁৰ নিৰাপত্তাৰক্ষীয়ে চহৰৰ মাজমজিয়াৰ ৰেষ্টুৰেণ্টখন পৰীক্ষা কৰাৰ পিছত পার্টী অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰে ৷ ৰেষ্টুৰেণ্টখন এটা সময়ত ৪০০ জন লোক বহিব পাৰে ৷ বাৰাণসী নামৰ ৰেষ্টুৰেণ্টখনৰ অপাৰেচন ডাইৰেক্টৰ মহম্মদ হুছেইনে প্ৰকাশ কৰা অনুসৰি দেওবাৰে বিয়লি জনী ডেপে বন্ধুবর্গৰ সৈতে খাবলৈ অহাৰ কথা ফোনযোগে সদৰী কৰা হৈছিল ৷ ডেপে ৰেষ্টুৰেণ্টখনত প্ৰায় তিনি ঘণ্টা সময় অতিবাহিত কৰে ৷