পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ নেতৃত্বত ৰাষ্ট্ৰীয় নিৰাপত্তা সমিতিয়ে সমগ্ৰ দেশতে ‘সন্ত্ৰাসবাদ আৰু উগ্ৰবাদ’ৰ বিৰুদ্ধে সামৰিক অভিযানৰ বাবে সেউজ সংকেত দিছে। সোমবাৰে কমিটীৰ বৈঠকৰ অন্তত এই সিদ্ধান্ত লোৱা হয়। উগ্ৰপন্থীৰ সৈতে আলোচনাৰ কোনো উপায় নাই বুলি কমিটীয়ে স্পষ্ট কৰি দিছে। ইয়াৰ পৰিৱৰ্তে সামৰিক অভিযান চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷
শৈতীয়াকৈ পাকিস্তানত উগ্ৰপন্থী সংগঠন তেহৰিক-ই-তালিবান পাকিস্তানে সমান্তৰাল চৰকাৰ গঠনৰ কথা ঘোষণা কৰা পাছত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে শ্বৰীফ। যিখন চৰকাৰত পাকিস্তানক উত্তৰ আৰু দক্ষিণ দুটা জ’নত ভাগ কৰা হৈছে, সেই চৰকাৰখনক টিটিপিৰ শীৰ্ষ নেতৃত্বই বিভক্ত কৰিছে। উত্তৰ অঞ্চলটোত পেছাৱৰ, মালকান্দ, মাৰ্ডান, গিলগিট-বেলুচিস্তানকে ধৰি বহু অঞ্চল অন্তৰ্ভুক্ত। আনহাতে দক্ষিণ অংশৰ খাইবাৰ পখতুনখোৱাৰ ডেৰা ইছমাইল খান, বান্নু আৰু কোহাটৰ দৰে জিলা। টিটিপি চৰকাৰত কেবিনেটকে ধৰি কেইবাটাও মন্ত্ৰালয় গঠন কৰা হৈছে। ইয়াৰ বাহিৰেও আত্মঘাতী বোমাৰুৰ এটা দল সাজু কৰিছেতেহৰিক-ই-তালিবান পাকিস্তানে। পাকিস্তান চৰকাৰে ইয়াৰ পিছত কমিটীৰ বৈঠকত টিটিপিকে ধৰি উগ্ৰপন্থীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে।
পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাণ ছানাউল্লাই দাবী কৰিছে যে কেৱল খাইবাৰ পখতুনখোৱা প্ৰদেশতে ৭,০০০-১০,০০০ টি টি পি উগ্ৰপন্থী আছে। তেওঁ লগতে দাবী কৰে যে তেওঁলোকৰ পৰিয়ালৰ সদস্যকে ধৰি এই সংখ্যা অতিৰিক্ত ২৫ হাজাৰ হ’ব।
স্থানীয় সংবাদ মাধ্যমৰ মতে, টিটিপি উগ্ৰপন্থী পাকিস্তানৰ আভ্যন্তৰীণ নিৰাপত্তাৰ বাবে এক বৃহৎ ভাবুকি হৈ পৰিছে। যোৱা এবছৰত তেওঁলোকে দেশৰ নিৰাপত্তা মন্ত্ৰালয়ৰ বিভিন্ন প্ৰতিষ্ঠানত মুঠ ৪৮৪টা আক্ৰমণ সংঘটিত কৰিছে। চুবুৰীয়া ৰাষ্ট্ৰ আফগানিস্তানত তালিবানে ক্ষমতা দখল কৰাৰ পিছত টিটিপি শক্তিশালী হৈ উঠিছিল।
সোমবাৰৰ বৈঠকত পাকিস্তান চৰকাৰে উগ্ৰপন্থীসকলক এক কঠোৰ বাৰ্তা দিয়া বুলিও সংবাদ মাধ্যমে দাবী কৰে। আফগানিস্তানৰ পৰা অনুপ্ৰৱেশ সহ্য কৰা নহ’ব বুলিও কমিটীয়ে প্ৰকাশ কৰিছে। ইয়াৰ উপৰিও সীমান্ত অঞ্চলত শান্তি আৰু নিৰাপত্তা বজাই ৰখাৰ ক্ষেত্ৰত আফগানিস্তানৰ তালিবান চৰকাৰৰ বিশেষ ভূমিকা আছে বুলিও কমিটীয়ে অনুভৱ কৰে। সমগ্ৰ দেশতে উগ্ৰপন্থীক দমন কৰিবলৈ লোৱা সামৰিক অভিযানৰ উপৰিও পাকিস্তান চৰকাৰে আইন প্ৰয়োগকাৰী সংস্থাসমূহৰ বাবে অতিৰিক্ত ধন আবণ্টন দিব।