VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আত্মহত্যাক লৈ ৰসিকতা! প্ৰধানমন্ত্ৰী মোডীৰ ভাষণক বিৰোধীৰ সমালোচনা

voicedesk by voicedesk
April 28, 2023
in মুখ্য সংবাদ
আত্মহত্যাক লৈ  ৰসিকতা! প্ৰধানমন্ত্ৰী মোডীৰ ভাষণক  বিৰোধীৰ সমালোচনা
0
SHARES
24
VIEWS
Share on FacebookShare on Twitter

আত্মহত্যা কৌতুক নেকি? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভাষণক কেন্দ্ৰ কৰি প্ৰায়বোৰ বিৰোধী দল আৰু নাগৰিক সমাজৰ বৃহৎ শ্ৰেণীয়ে একেলগে উত্থাপন কৰিছে এই প্ৰশ্ন। ৰাহুল আৰু প্ৰিয়ংকা গান্ধীৰ পৰা আৰম্ভ কৰি তৃণমূল-আপ-শিৱসেনা-এছপি-আৰজেডি — সকলোৱে দাবী কৰে যে প্ৰধানমন্ত্ৰীয়ে আত্মহত্যাৰ দৰে উদ্বেগজনক  বিষয় এটাক লৈ ৰসিকতা কৰাটো অতি সংবেদনহীন কথা ।

 

বুধবাৰে সংঘটিত হয় এই ঘটনা। সংবাদ মাধ্যমৰ এক অনুষ্ঠানত এই মন্তব্য কৰে মোদীয়ে। তাত তেওঁ সাংবাদিকসকলৰ আগত ভাল হিন্দী ক’বলৈ জোৰ দি ৰসিকতা কৰে । এক উদাহৰণ দি প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰসংগত কয় –“এজন অধ্যাপকৰ কন্যাই চুইচাইড নোট লিখি ঘৰৰ পৰা ওলাই গৈছিল। নোটখনে যেতিয়া অধ্যাপক পিতৃৰ চকুত পৰিল, তেতিয়া তেওঁ বানান ভুল ধৰাত ব্যস্ত হৈ পৰিল।“ এই ৰসিকতা  কৰা মোডীৰ সমগ্ৰ ভাষণ সম্প্ৰচাৰ হৈছিল। বৃহস্পতিবাৰে কেইবাটাও বিৰোধী দলে ইয়াৰ প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁলোকৰ মতে, দেশবাসীৰ সন্মুখত আত্মহত্যা আৰু মানসিক স্বাস্থ্যৰ বিষয়ে ধেমালি কৰি অতি ভুল বাৰ্তা প্ৰেৰণ কৰা হৈছে ৷ বিশেষকৈ ভাৰতৰ দৰে দেশত, য’ত আত্মহত্যাৰ পৰিসংখ্যা স্তম্ভিত কৰি তুলিছে সমগ্ৰ বিশ্বক ।

 

নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ তথ্য অনুসৰি ২০২১ চনত ভাৰতত ১৬৪,৩৩ জন লোকে আত্মহত্যা কৰিছিল। মৃত্যু হোৱা লোকসকলৰ এক তৃতীয়াংশ, সঠিককৈ ক’বলৈ গ’লে ৩৪.৫ শতাংশৰ বয়স ১৮ৰ পৰা ৩০ বছৰৰ ভিতৰত। এই সকলোবোৰ পৰিসংখ্যাৰ ওপৰত বহু বিৰোধী নেতাই আলোকপাত কৰিছে। যেনেকৈ প্ৰিয়ংকা গান্ধী ভাদ্ৰাই লিখিছে, “বিশেষকৈ যুৱক-যুৱতীসকলৰ মাজত বিষণ্ণতা-আত্মহত্যা কোনো কাৰণতে হাঁহিৰ বিষয় নহয়। ” ইয়াৰ পিছত এনচিআৰবিৰ তথ্যৰ উদ্ধৃতি দি তেওঁ কয়, “২০২১ চনত আত্মহত্যা কৰা ১৬৪,৩৩ জন লোকৰ ভিতৰত এটা বৃহৎ অংশ ৩০ বছৰ অনুর্ধৰ ৷. ই এটা ট্ৰেজেডী, কৌতুক নহয়। সংবেদনহীন মন্তব্য, কৌতুক কৰাৰ পৰিৱৰ্তে মানসিক স্বাস্থ্যৰ প্ৰতি সজাগতা বৃদ্ধি কৰক।’ ৰাহুল গান্ধীয়ে  হিন্দীত লিখিছে, ‘আত্মহত্যাৰ ফলত হাজাৰ হাজাৰ পৰিয়ালে সন্তান হেৰুৱাইছে। তেওঁলোকক ঠাট্টা কৰাটো উচিত নহয়।” তৃণমূল কংগ্ৰেছে টুইট কৰি কয়, “তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী! নৰেন্দ্ৰ মোডী ডাঙৰীয়াই মানসিক স্বাস্থ্য আৰু আত্মহত্যাক লৈ ৰসিকতা কৰিছে! মাননীয় প্ৰধানমন্ত্ৰী, ২০১৭ চনত ভাৰতত আত্মহত্যাৰ সংখ্যা আছিল ১ লাখ ২৯ হাজাৰ ৮৮৭। ২০১২ চনত ১ লাখ ৬৪ হাজাৰ ৩৩ জনলৈ বৃদ্ধি পাইছে। এইটো কঠিন বাস্তৱ, কোনো হাঁহিৰ কথা নাই।”

 

শিৱসেনাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়েও এনচিআৰবিৰ তথ্য শ্বেয়াৰ কৰে। তেওঁ কয়  “মই প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ শ্বেয়াৰ নকৰো। প্ৰধানমন্ত্ৰীয়ে আত্মহত্যাৰ কথাৰে ধেমালি কৰিছে আৰু মানুহে হাঁহিছে!” আৰজেডিৰ সাংসদ মনোজ কুমাৰ ঝাই কয় , “কৌতুক কোৱাৰ পিছত হাঁহি আৰু হাত চাপৰি আৰু অধিক ভয়ংকৰ ।”আমি এখন ৰুগীয়া সমাজ হৈ পৰিছো।” ভাৰতত প্ৰতি ৯ মিনিটৰ মূৰে মূৰে এগৰাকী ছোৱালীয়ে আত্মহত্যা কৰা বুলি সংবাদ মাধ্যমৰ বাতৰিৰ ওপৰত আলোকপাত কৰে সমাজবাদী পাৰ্টিৰ গৌৰৱ প্ৰকাশে। আম আদমী পাৰ্টিয়ে মন্তব্য কৰি কয় , “যেতিয়া প্ৰধানমন্ত্ৰীয়ে আত্মহত্যাৰ দৰে কথাবোৰ লৈ ধেমালি কৰিবলগীয়া হয়, তেতিয়া বুজিব লাগিব যে তেওঁৰ মানৱ জীৱনৰ প্ৰতি কিমান সন্মান ? “

 

ৰাজনীতিবিদৰ লগতে নেটিজেনেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁলোকৰ বহুতৰে মতে ভাল হিন্দী কোৱাৰ ক্ষেত্ৰত এই ৰসিকতাৰ উপস্থাপন একেবাৰেই প্ৰয়োজনীয় ৷মানসিক স্বাস্থ্যৰ সৈতে জড়িত ব্যক্তিও সমগ্ৰ ঘটনাক লৈ ক্ষুব্ধ হৈ পৰিছে। মনোবিজ্ঞানী নীলাঞ্জনা সন্যালে কয়, ‘আত্মহত্যাৰ কথাক লৈ ৰসিকতা কৰাটো লজ্জাজনক ৷

Previous Post

নগাঁৱৰ ভোটাইগাঁও ৰাজহুৱা নামঘৰৰ শতবর্ষৰ সামৰণী অনুষ্ঠান,দিহানাম প্ৰতিযোগিতাৰ আয়োজন

Next Post

আই পি এলক প্ৰত্যাহ্বানৰ চেষ্টা! ক্ৰিকেটাৰক আকৰ্ষণ কৰিবলৈ অষ্ট্ৰেলিয়াই দিব অধিক ধন

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
আই পি এলক প্ৰত্যাহ্বানৰ চেষ্টা! ক্ৰিকেটাৰক আকৰ্ষণ কৰিবলৈ অষ্ট্ৰেলিয়াই দিব অধিক ধন

আই পি এলক প্ৰত্যাহ্বানৰ চেষ্টা! ক্ৰিকেটাৰক আকৰ্ষণ কৰিবলৈ অষ্ট্ৰেলিয়াই দিব অধিক ধন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7