ৰাজ্য কপাঁই যোৱা যোৰহাটৰ গণপ্ৰহাৰৰ ঘটনাৰ মুল অভিযুক্ত ক’লা ল’ৰা ওৰফে নীৰজ দাসৰ পুৱতি নিশা দূর্ঘটনাত পতিত হৈ মৃত্যু ঘটিছে ৷ এক অভিযানৰ বাবে আৰক্ষীয়ে ক’লা ল’ৰাক লৈ যোৱাৰ সময়তে যোৰহাট –মৰিয়ণী পথত পলায়নৰ চেষ্টা কৰাৰ সময়তে এই দূর্ঘটনা সংঘটিত হয় ৷ প্ৰাপ্ত তথ্য অনুসৰি জেৰাৰ সময়ত ক’লা ল’ৰাই আৰক্ষীক তেওঁ লুকাই থোৱা ড্ৰাগছৰ ভাণ্ডাৰৰ সম্ভেদ দিছিল ৷ ইয়াৰ ভিত্তিতে কালি পুৱতি নিশা আৰক্ষীয়ে ক’লা ল’ৰাক লগত লৈ অভিযানৰ বাবে ৰাওনাঁ হৈছিল৷ ক’লা ল’ৰাক লগত লৈ গৈ থকাৰ সময়তে তেওঁ আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ উদ্দ্যেশেৰে গাড়ীৰ পৰা জঁপি্য়াই দিয়ে ৷ লগে লগে আৰক্ষীৰ কনভয়টোৰ আন এখন গাড়ীয়ে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে ক’লা ল’ৰাক ৷ যাৰ ফলত গুৰুতৰভাবে আহত হয় ক’লা ল’ৰা ৷ লগে লগে তেওঁক আৰক্ষীয়ে যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ লৈ আহে যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ৷ উল্লেখযোগ্য যে দেওবাৰে যোৰহাটৰ মাজ মজিয়াত এজন ব্যক্তিক সহায়ৰ বাবে আগবাঢ়ি যোৱা অনিমেষ নাথ নামৰ যুৱকজনক এদল উণ্মাদ লোকে প্ৰহাৰ কৰি হত্য়া কৰিছিল ৷ ক’লা ল’ৰা ওৰফে নীৰজৰ নেতৃত্বত এদল লোকে অনিমেষক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছিল৷ আনকি ভিডিঅ’ ফুটেজতো দেখা গৈছিল ক’লা ল’ৰাক ৷ ইতিমধ্য়ে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ১৩ জন অভিযুক্তক ৷ দূর্ঘটনাত নিহত হোৱা ক’লা ল’ৰাই ইয়াৰ পুর্বেও যোৰহাটত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল ৷ নীৰজৰ বিৰুদ্ধে ৰুজু হৈ আছে ৬০ টাতকয়ো অধিক গোচৰ ৷ পুৱতি নিশা সংঘটিত দূর্ঘটনাত তিনিজন আৰক্ষী জোৱান আহত হৈছিল ৷
ইপিনে ,যোৰহাটত সোমবাৰে গণপ্ৰহাৰৰ বলি হৈ অনিমেষ ভূঞা নামৰ এজন যুৱকে মৃত্যুক সাৱটি ল’বলগীয়া হোৱা ঘটনাত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোকপ্ৰকাশ কৰাৰ লগতে সমগ্ৰ ঘটনাৰ ক্ষীপ্ৰ তদন্তৰ নির্দেশ দিছে ৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে ৰাজ্য চৰকাৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ইতিমধ্যে দুৰ্ভগীয়া পৰিয়ালটোক সাক্ষাৎ কৰি ন্যায় প্ৰদানৰ আশ্বাস দিছে ৷ফাষ্টট্ৰেক আদালতৰ জৰিয়তে দোষীসকলক শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনক মুখ্যমন্ত্ৰী্যে নিৰ্দেশ দিছে ৷ এমাহৰ ভিতৰত দোষীসকলৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিলৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ৷ তদুপৰি বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙক এই ঘটনাৰ তদন্ত প্ৰক্ৰিয়া ব্যক্তিগতভাৱে তদাৰক কৰাৰো নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে