মাতৃহাৰা হ’ল গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ জ্যেষ্ঠ সাংবাদিক চৈয়দ ৰবিউল হক ৷ আজি সন্ধিযা প্ৰায় ৫:৪৫ বজাত হকৰ মাতৃ ৰফিজান বিবিৰ ঝৰাবড়ীৰ নিজ বাসগৃহত পৰলোক প্ৰাপ্তি ঘটে ৷ মৃত্যুৰ সময়ত ৰফিজান বিবিৰ বয়স আছিল ৭৪ বছৰ। জানিব পৰা মতে বিগত প্ৰায় সাত বছৰ ধৰি উচ্চ ৰক্তচাপ জনিত পক্ষাঘাত ৰোগত ভুগি শয্যাগত হৈ আছিল মহিলা গৰাকী ৷ প্ৰয়াত ৰফিজান বিবিৰ জানাজা কাইলৈ পুৱা পুৱা ৯ বজাত ঝৰাবড়ীৰ ৰাজহুৱা কবৰস্থানত সম্পন্ন কৰা হ’ব ৷ বয়োজ্যেষ্ঠা মহিলা গৰাকীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে ৷